28.07.24    Avyakt Bapdada     Assame Murli     31.12.20     Om Shanti     Madhuban


“*“সঞ্চয়ৰ পুঁজি জমা কৰি অখণ্ড মহাদানী হোৱা ”*”


আজি, নৱযুগ ৰচয়িতাই নিজৰ নৱযুগৰ অধিকাৰী সন্তানসকলক চাই আছেহঁক। আজি পুৰণা যুগত তেওঁলোক সাধাৰণ আৰু কাইলৈ নৱযুগত ৰাজ্যৰ অধিকাৰী পূজ্য হয়। আজি আৰু অহাকালিৰ খেল। আজি কি আৰু কাইলৈ কি! যিসকল অনন্য জ্ঞানী আত্মা, তেওঁলোকৰ বাবে অহাকালিৰ দিনটিও আজিৰ দিনটিৰ দৰেই স্পষ্ট। তোমালোক সকলো ইয়ালৈ নৱবৰ্ষ উদ্‌যাপন কৰিব আহিছা, কিন্তু বাপদাদাই নৱযুগ প্ৰত্যক্ষ কৰি আছে। নৱবৰ্ষততো প্ৰত্যেকে নিশ্চয় নিজৰ নিজৰ নতুন পৰিকল্পনা কৰিছাই চাগৈ। আজি পুৰণিৰ সমাপ্তি, সমাপ্তিত গোটেই বছৰটোৰ ফলাফল লক্ষ্য কৰা হয়। সেয়েহে আজি বাপদাদায়ো প্ৰত্যেক সন্তানৰ বছৰটোৰ ফলাফল চালে। বাপদাদাৰতো চাবলৈ সময় নালাগে। গতিকে আজি বিশেষকৈ সকলো সন্তানৰ জমাৰ পুঁজি চালোঁ। পুৰুষাৰ্থতো সকলো সন্তানে কৰিলে, স্মৃতিতো থাকিল, সেৱাও কৰিলে, লৌকিক বা আলোকিক পৰিয়ালত সম্বন্ধ-সম্পৰ্কও ৰক্ষা কৰিলে, কিন্তু এই তিনিটা কথাত জমা পুঁজি কিমান হ’ল?

আজি, সূক্ষ্মলোকত বাপদাদাই ‘জগদম্বা মা’ক প্ৰকট কৰিলে। (কাহ উঠিল) আজি বাদ্য অলপ বেয়া, বজাবতো লাগিব নহয়। সেয়েহে, বাপদাদা আৰু মম্মাই মিলি সকলোৰে সঞ্চয়ৰ পুঁজি চালে। সঞ্চয় কৰি কিমান জমা কৰিলা? তেন্তে কি দেখিলোঁ? ক্ৰমানুসৰিতো সকলো হয়েই, কিন্তু জমা পুঁজি যিমান হ’ব লাগে তাতকৈ কম আছিল। তেতিয়া ‘জগত অম্বা মা’য়ে সুধিলে – স্মৃতিত থকা বিষয়টিত, বহুত সন্তানৰ লক্ষ্যও ভাল, পুৰুষাৰ্থও ভাল, তথাপি জমা পুঁজি যিমান হ’ব লাগে তাতকৈ কম কিয়? কথা-বতৰা, বাৰ্তালাপ কৰাৰ পাছত এয়াই ফলাফল দেখা গ’ল যে যোগৰ অভ্যাসতো কৰি আছে, কিন্তু যোগৰ অৱস্থাৰ শতাংশ সাধাৰণ হোৱাৰ বাবে জমা পুঁজি সাধাৰণেই হৈ আছে। যোগৰ লক্ষ্য ভালদৰে আছে কিন্তু যোগৰ ফলাফল হৈছে যোগযুক্ত, যুক্তিযুক্ত বাণী আৰু চাল-চলন – এই ক্ষেত্ৰত অভাৱ থকা বাবে, যোগযুক্ত হোৱাৰ সময়ত যোগত ভাল, কিন্তু যোগী অৰ্থাৎ যোগী জীৱনত যোগৰ প্ৰভাৱ পৰিব। সেয়েহে জমা পুঁজি কোনোবা সময়ত জমা হয়, কিন্তু সকলো সময়ত জমা নহয়। আগবাঢ়ি গৈ থাকোঁতে স্মৃতিৰ শতাংশ সাধাৰণ হৈ যায়। এই ক্ষেত্ৰত জমা পুঁজি বহুত কম হয়।

দ্বিতীয়তে, সেৱাৰ বাৰ্তালাপ চলিল। সেৱাতো বহুত কৰে, দিনে-ৰাতিয়ে ব্যস্ত হৈও থাকে। পৰিকল্পনাও বহুত ভাল ভাল কৰে আৰু সেৱাত বৃদ্ধিও বহুত ভাল হৈ আছে। তথাপি সংখ্যাগৰিষ্ঠৰ জমা ৰ্পুঁজি কম কিয়? গতিকে বাৰ্তালাপত এইটো দেখা গ’ল যে সেৱাতো সকলোৱে কৰি আছে, নিজক ব্যস্ত কৰি ৰখাৰ পুৰুষাৰ্থও ভালকৈ কৰি আছে। তেন্তে ইয়াৰ কাৰণ কি? গতিকে এইটোৱে কাৰণ ওলাল, সেৱাৰ বলো পোৱা যায় আৰু ফলো পোৱা যায়। বল হৈছে নিজৰ অন্তৰৰ সন্তুষ্টি আৰু ফল হৈছে সকলোৰে সন্তুষ্টি। যদি সেৱা কৰিলা, পৰিশ্ৰম আৰু সময় দিলা, তেন্তে অন্তৰৰ সন্তুষ্টি আৰু সকলোৰে সন্তুষ্টি, সংগীয়েই হওঁক বা যাৰ সেৱা কৰিলা, আন্তৰিক সন্তুষ্টি অনুভৱ কৰক, বহুত ভাল, বহুত ভাল বুলি কৈ যাওঁক, এনেকুৱা নহয়। আন্তৰিক সন্তুষ্টিৰ লহৰ অনুভৱ হওঁক। কিবা পালে, বহুত ভালকৈ শুনিলে, সেয়া বেলেগ কথা। কিবা পালে, কিবা প্ৰাপ্ত হ’ল যিটো বাপদাদাই আগতেও শুনাইছে - এটা হ’ল কাঁড়ে মগজত আঘাত কৰা আৰু আনটো হ’ল অন্তৰত আঘাত কৰা। যদি সেৱা কৰিলা আৰু নিজৰ সন্তুষ্টি, নিজক আনন্দিত কৰাৰ সন্তুষ্টি নহয়, বহুত ভাল হ’ল, বহুত ভাল হ’ল, নহয়। অন্তেৰেৰে অৰ্থাৎ নিজৰো আৰু আনৰো। আৰু দ্বিতীয় কথাটি হ’ল সেৱা কৰিলা আৰু তাৰ ফলাফল নিজৰ পৰিশ্ৰম অথবা মই কৰিলোঁ, মই কৰিলোঁ... এইটো স্বীকাৰ কৰিলা অৰ্থাৎ সেৱাৰ ফল খাই দিলা। জমা নহ’ল। বাপদাদাই কৰালে, বাপদাদাৰ ফালে মনোযোগ আকৰ্ষণ কৰালা, নিজ আত্মাৰ ফালে নহয়। এই ভগ্নীগৰাকী বহুত ভাল, এই ভাইগৰাকী বহুত ভাল, এনেকুৱা নহয়। এওঁলোকৰ বাপদাদা বহুত ভাল, এইটো অনুবৱ কৰোৱা - এয়া হ’ল জমা পুঁজি বৃদ্ধি কৰা, গতিকে সকলো মিলাই ফলাফলত দেখা গ’ল - পৰিশ্ৰম বেছি, সময়, শক্তি বেছি আৰু অলপ-অচৰপ প্ৰদৰ্শন বেছি, সেয়েহে জমা পুঁজি কম হৈ যায়। জমা পুঁজিৰ চাবি বহুত সহজ, সেয়া হৈছে হীৰাৰ চাবি, সোণৰ চাবি লগোৱা কিন্তু জমাৰ হীৰাৰ চাবি হৈছে “ নিমিত্ত ভাৱ আৰু নম্ৰ ভাৱ”। যদি প্ৰত্যেক আত্মাৰ প্ৰতি, সংগীয়ে হওঁক বা যিটো আত্মাৰ সেৱা কৰা, দুয়োটাতে সেৱাৰ সময়, আগত পিছত নহয় সেৱা কৰাৰ সময়ত নিমিত্ত ভাৱ, নম্ৰ ভাৱ, নিঃস্বাৰ্থ শুভ-ভাৱনা আৰু শুভ-স্নেহ জাগ্ৰত হওঁক তেতিয়া জমা পুঁজি বাঢ়ি যাব।

বাপদাদাই ‘জগত অম্বা মা’ক দেখুৱালে যে এইটো বিধিৰে সেৱা কৰোঁতাসকলৰ জমা পুঁজি কেনেকৈ বাঢ়ি যায়। বচ্‌, চেকেণ্ডত অনেক ঘণ্টাৰ পুঁজি জমা হৈ যায়। যেনেকৈ টিক্‌-টিক্‌-টিক্‌ তীব্ৰ গতিৰে শীঘ্ৰতাৰে কৰা, এনেকৈ মেচিন চলে। সেয়েহে জগত অম্বা বহুত আনন্দিত হৈ আছিল যে জমা পুঁজি, জমা কৰাটোতো বহুত সহজ। গতিকে দুয়োৱে (বাপদাদা আৰু জগত অম্বাই) ৰায় দিলে যে এতিয়া নতুন বছৰ আৰম্ভ হ’ব সেয়েহে জমা পুঁজি পৰীক্ষা কৰা গোটেই দিনটোত ভুল কৰা নাই কিন্তু সময়, সংকল্প, সেৱা, সমন্ধ-সম্পৰ্কত স্নেহ, সন্তুষ্টিৰ দ্বাৰা জমা কিমান কৰিলা? বহুত সন্তানে কেৱল এইটো পৰীক্ষা কৰে - আজি বেয়া একো নহ’ল। কাকো দুখ নিদিলোঁ। কিন্তু এতিয়া এইটো পৰীক্ষা কৰা যে গোটেই দিনটোত শ্ৰেষ্ঠ সংকল্পৰ পুঁজি কিমান জমা কৰিলা? শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা সেৱাৰ পুঁজি কিমান জমা হ’ল? আত্মাসকলক যিকোনো কাৰ্যৰে সুখ কিমান দিলা? যোগযুক্ত হ’লা কিন্তু যোগৰ শতাংশ কেনেধৰণৰ আছিল? আজিৰ দিনটোত আশীৰ্বাদৰ পুঁজি কিমান জমা কৰিলা?

এই নতুন বছৰটিত কি কৰিব লাগে? যিয়েই কৰা মনেৰেই হওঁক, বাণীৰেই হওঁক বা কৰ্মেৰেই হওঁক কিন্তু সময় অনুসৰি মনত যাতে এইটো ধুন লাগি থাকে - মই অখণ্ড মহাদানী হ’বই লাগিব। অখণ্ড মহাদানী, মহাদানী নহয়, অখণ্ড। মনেৰে শক্তি দান, বাণীৰে জ্ঞান দান আৰু নিজৰ কৰ্মেৰে গুণ দান। আজিকালি জগতত, ব্ৰাহ্মণ পৰিয়ালৰ জগততে হওঁক বা অজ্ঞানীসকলৰ জগততে হওঁক শুনাৰ পৰিৰ্ৱতে চাব বিচাৰে। চাই কৰিব বিচাৰে। তোমালোকৰ বাবে সহজ কিয় হ’ল? পিতা ব্ৰহ্মাক কৰ্মত গুণ দান মূৰ্ত ৰূপত দেখিলা। জ্ঞান দানতো কৰাই কিন্তু এইটো বছৰত বিশেষ ধ্যান ৰাখা- প্ৰত্যেক আত্মাক গুণ দান অৰ্থাৎ নিজৰ জীৱনৰ গুণ দানেৰে সহযোগ দিব লাগে। ব্ৰাহ্মণকতো দান নকৰা নহয়, সহযোগ দিয়া। যিয়েই নহওঁক, কোনোবা যিমানেই অৱগুণধাৰী নহওঁক, কিন্তু মই নিজৰ জীৱনৰ দ্বাৰা, কৰ্মৰ দ্বাৰা, সম্পৰ্কৰ দ্বাৰা গুণদান অৰ্থাৎ সহযোগী হ’ব লাগে। এই ক্ষেত্ৰত আনক চাব নালাগে, এওঁ নকৰে তেন্তে মই কেনেকৈ কৰোঁ, এওঁতো এনেকুৱাই। পিতা ব্ৰহ্মাই কেৱল শিৱবাবাক চালে। তোমালোক সন্তানসকলে যদি চাব লাগে তেন্তে পিতা ব্ৰহ্মাক চোৱা। এই ক্ষেত্ৰত আনক নাচাই, এইটো লক্ষ্য ৰাখা যেনেকৈ পিতা ব্ৰহ্মাৰ শ্লোগান আছিল – যিয়ে অৰ্জন কৰিব তেৱেঁই অৰ্জুন অৰ্থাৎ যিয়ে নিজক নিমিত্ত কৰিব তেওঁ এক নম্বৰ অৰ্জুন হৈ যাব। পিতা ব্ৰহ্মা এক নম্বৰ অৰ্জুন হ’ল। যদি আনক চাই কৰা তেন্তে এক নম্বৰ নোহোৱা। ক্ৰম অনুসৰি আহিবা, এক নম্বৰ নোহোৱা। আৰু যেতিয়া হাত উঠোৱায় তেতিয়া সকলো ক্ৰমানুসৰি হাত উঠায় নে সকলোৱে এক নম্বৰত হাত উঠায়? তেন্তে কি লক্ষ্য ৰাখিবা? অখণ্ড মহাদানী, অটল, কোনোবাই যিমানেই বিচলিত নকৰক, বিচলিত নহ’বা। প্ৰত্যেকে ইজনে সিজনক কয়, সকলো এনেকুৱা তুমি এনেকৈ কিয় নিজকে মাৰিছা, তুমিও মিলি যোৱা। দুৰ্বল কৰি তোলোঁতা সংগী বহুত পোৱা যায়। কিন্তু বাপদাদাক লাগে - সাহসী, উৎসাহ বৃদ্ধি কৰোঁতা সংগী। তেন্তে বুজিলা কি কৰিব লাগে? সেৱা কৰা কিন্তু জমা পুঁজি বৃদ্ধি কৰি কৰা, খুৱ সেৱা কৰা। প্ৰথমে নিজৰ সেৱা, তাৰপাছত সকলোৰে সেৱা। আৰু এটা কথা বাপদাদাই লক্ষ্য কৰিলে, শুনাওঁনে?

আজি চন্দ্ৰমা আৰু সূৰ্যৰ মিলন আছিল নহয়। জগত অম্বা মায়ে ক’লে অগ্ৰিম দলে কেতিয়ালৈকে অপেক্ষা কৰিব? কিয়নো তোমালোক যেতিয়া অগ্ৰিম অৱস্থাত উপনীত হ’বা তেতিয়া অগ্ৰিম দলৰ কাৰ্য পূৰা হ’ব। ‘জগত অম্বা মা’য়ে আজি বাপদাদাক বহুত ধীৰে ধীৰে, বহুত উপায়েৰে এটা কথা শুনালে, সেয়া কোনটো এটা কথা শুনালে? বাপদাদাইতো জানে, তথাপিও আজি বাৰ্তালাপ চলিল নহয়। তেন্তে কি ক’লে যে ময়ো পৰিক্ৰমা লগাওঁ, মধুবনতো পৰিক্ৰমা লগাওঁ, সেৱাকেন্দ্ৰবোৰতো পৰিক্ৰমা লগাওঁ। তেতিয়া হাঁহি হাঁহি, যিসকলে জগত অম্বাক দেখিছে তেওঁলোকে গম পায় যে হাঁহি হাঁহি ইংগিতেৰে কয়, পোনেই নকয়। গতিকে ক’লে যে আজিকালি এটা বিশেষত্ব দেখা যায়। কোনটো বিশেষত্ব? তেতিয়া ক’লে যে আজিকালি অমনোযোগিতা বহুত প্ৰকাৰৰ হৈ গৈছে। কাৰোবাৰ কিবা প্ৰকাৰৰ অমনোযোগিতা আছে, কাৰোবাৰ আন কিবা প্ৰকাৰৰ অমনোযোগিতা আছে। হৈ যাব, কৰি ল’ম.... আনেওতো কৰি আছে, ময়ো কৰি ল’ম.... এয়াতো হয়েই, চলেই... অমনোযোগিতাৰ এইটো ভাষা সংকল্পততো আছেই কিন্তু বাণীতো আছে। সেয়েহে বাপদাদাই ক’লে যে ইয়াৰ বাবে নৱবৰ্ষত তুমি সন্তানসকলক কিবা যুক্তি শুনোৱা। তোমালোক সকলোৱে জানা যে ‘জগত অম্বা মা’ৰ সদায় ধাৰণাৰ এটা শ্লোগান আছে, স্মৃতিত আছেনে? কাৰ স্মৃতিত আছে? (হুকুম দিওঁতাই হুকুম দি চলাই আছে....) তেতিয়া জগত অম্বাই ক’লে - যদি সকলোৱে এইটো ধাৰণা কৰি লয় যে আমাক বাপদাদাই চলাই আছে, তেওঁ হুকুম দি প্ৰতিটো খোজত চলাই আছে। যদি এইটো স্মৃতিত থাকে যে আমাক পোনপটীয়াকৈ পিতাই চলাই আছে, তেতিয়া দৃষ্টি ক’লৈ যাব? চলোঁতাসকলৰ দৃষ্টি চলাওঁতাৰ ফালে যাব, আনৰ ফালে নাযায়। গতিকে এই কৰাৱনহাৰে নিমিত্ত কৰি কৰাই আছে, চলাই আছে। দায়বদ্ধ হৈছে কৰাৱনহাৰ। তেতিয়া সেৱাত যি মগজ গধুৰ হৈ যায় নহয়, সেয়া সদায় পাতল হৈ থাকিব, যেন আত্মিক গোলাপ। বুজিলা, কি কৰিব লাগে? অখণ্ড মহাদানী। বাৰু।

নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ সকলো দৌৰি দৌৰি আহি উপস্থিত হৈ গৈছা। ভাল কথা ঘৰ ভৰি গৈছে। বাৰু পানীতো পালা নহয়! পালানে পানী? তথাপিও পানীৰ বাবে পৰিশ্ৰম কৰোঁতাসকলক অভিনন্দন। ইমান হাজাৰ হাজাৰক পানী দিয়া, দুই চাৰি বাল্টিতো নহয়! বাৰু কাইলৈৰ পৰাতো উভতি যোৱাৰ মেলা হ’ব। সকলো আৰামত থাকিলা! অলপ ধুমুহাই পৰীক্ষা ল’লে। অলপ বতাহ লাগিল। সকলো ঠিকে থাকিলানে? পাণ্ডৱ ঠিকে থাকিলানে? বাৰু কুম্ব মেলাতকৈতো ভাল নহয়! তিনি পদ ভূমিতো পালা নহয়। খাট নাপালা কিন্তু তিনি পদ ভূমিতো পালা নহয়!

তেন্তে নৱবৰ্ষত চাৰিওফালৰ সন্তানসকলে বিদেশতো, দেশতো নৱবৰ্ষৰ অনুষ্ঠান বুদ্ধিৰে চাই আছে, কাণেৰে শুনি আছে। মধুবনতো চাই আছে। মধুবন নিবাসীয়েও যজ্ঞ ৰক্ষক হৈ সেৱাৰ ভুমিকা পালন কৰিলে, বহুত ভাল। বাপদাদাই বিদেশ তথা দেশবাসীৰ লগতে মধুবন নিবাসীকো যিসকল সেৱাৰ নিমিত্ত তেওঁলোককো অভিনন্দন জনাই আছে। বাৰু। বাকীতো কাৰ্ড বহুত আহিছে। তোমালোকেও দেখি আছা নহয় বহুত কাৰ্ড আহিছে। কাৰ্ডতো কোনো ডাঙৰ কথা নহয় কিন্তু ইয়াত লুকাই থকা অন্তৰৰ স্নেহ আছে। বাপদাদাই কাৰ্ডৰ শোভা নাচায় কিন্তু কিমান মূল্যৱান অন্তৰৰ স্নেহ সমাহিত হৈ আছে, সকলোৱে নিজৰ নিজৰ অন্তৰৰ স্নেহ পঠিয়াইছে। গতিকে এনেকুৱা স্নেহী আত্মাসকলক বিশেষভাৱে এজন এজনৰ নামতো নলওঁ নহয়! কিন্তু বাপদাদাই কাৰ্ডৰ বিনিময়ত এনেকুৱা সন্তানসকলক স্নেহভৰা সন্মান যাচি আছে। স্মৃতি পত্ৰ, টেলিফোন, কম্পিউটাৰ, ই-মেইল যিয়েই সাধন আছে, সেই সকলো সাধনেৰে প্ৰথমে সংকল্পৰ দ্বাৰাই বাপদাদাৰ ওচৰত আহি যায় তাৰপাছত তোমালোকৰ কম্পিউটাৰ আৰু ই-মেইলত আহে। সন্তানসকলৰ স্নেহ বাপদাদাৰ ওচৰলৈ সকলো সময়তে আহে। কিন্তু আজি বিশেষ নৱবৰ্ষৰ বহুতে পৰিকল্পনাও লিখিছে, প্ৰতিজ্ঞাও কৰিছে, যি হৈ গ’ল সেয়া অতীত বুলি বুজি আগবাঢ়ি যোৱাৰ সাহস কৰিছে। সকলোকে বাপদাদাই কৈ আছে - বহুত বহুত চাব্বাচ সন্তানসকল, চাব্বাচ।

তোমালোক সকলো আনন্দিত হৈ আছা নহয়! তেওঁলোকো আনন্দিত হৈ আছে। এতিয়া এইটোৱে বাপদাদাৰ অন্তৰৰ আশা যে “দাতাৰ সন্তান প্ৰত্যেকেই দাতা হৈ যোৱা।” নুখুজিবা যে এইটো পাব লাগে, এইটো হ’ব লাগে, এইটো কৰিব লাগে। দাতা হোৱা, ইজনে সিজনক আগুৱাই লৈ যোৱাত উদাৰ অন্তৰৰ হোৱা। বাপদাদাক কনিষ্ঠসকলে কয় যে আমাক জেষ্ঠসকলৰ স্নেহ লাগে আৰু পিতাই কনিষ্ঠসকলক কয় যে জেষ্ঠসকলৰ প্ৰতি সন্মান ৰাখিবা তেতিয়া স্নেহ পাবা। সন্মান দিয়া মানেই সন্মান লোৱা। সন্মান এনেয়ে পোৱা নাযায়। দিয়া মানেই লোৱা। যিহেতু তোমালোকৰ জড় চিত্ৰই দিয়ে। দেৱতাৰ অৰ্থই হ’ল দিওঁতা। দেৱীৰ অৰ্থই হ’ল দিওঁতা। তেন্তে তোমালোক চৈতন্য দেৱী দেৱতাসকল দাতা হোৱা, দিয়া। যদি সকলো দিওঁতা দাতা হৈ যোৱা, তেন্তে লওঁতাতো সমাপ্ত হৈ যাব নহয়! তেতিয়া চাৰিওফালে সন্তুষ্টিৰ, আত্মিক গোলাপৰ সুবাস বিয়পি যাব। শুনিলা!

গতিকে নৱবৰ্ষত পুৰণা ভাষা নক’বা, পুৰণা ভাষা বহুতে কয় যিটো ভাল নলাগে, গতিকে পুৰণা বাণী, পুৰণা চাল-চলন, পুৰণা যিকোনো অভ্যাসৰ বশীভূত নহ’বা। প্ৰতিটো কথাত নিজক সুধিবা যে নতুন হয়নে! কি নতুন কৰিলোঁ? বচ্‌ কেৱল 21 শতিকা উদ্‌যাপন কৰিব লাগে, 21 জন্মৰ উত্তৰাধিকাৰ সম্পূৰ্ণ 21 শতিকালৈ পাবই লাগিব। পাব লাগিব নহয়! বাৰু।

চাৰিওফালৰ নৱযুগৰ অধিকাৰী শ্ৰেষ্ঠ আত্মাসকলক, সকলো সন্তানক, সদায় প্ৰতিটো খোজত যিসকল পদম জমা কৰোঁতা আত্মা আছে, সদায় নিজক পিতা ব্ৰহ্মাৰ সমান সকলোৰে আগত আৰ্হি হৈ সহজ কৰি তোলা আত্মাসকলক, সদায় নিজৰ জীৱনত গুণ প্ৰত্যক্ষ কৰি আনক গুণৱান কৰি তোলোঁতা, সদায় অখণ্ড মহাদানী, মহা সহযোগী আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

এয়া পুৰণি আৰু নতুন বছৰৰ সংগমৰ সময়। সংগমৰ সময় অৰ্থাৎ পুৰণি সমাপ্ত হ’ল আৰু নতুন আৰম্ভ হ’ল। যেনেকৈ বেহদৰ সংগমযুগত তোমালোক সকলো ব্ৰাহ্মণ আত্মা বিশ্ব পৰিৱৰ্তন কৰাৰ নিমিত্ত হোৱা, তেনেকৈ আজিৰ এই পুৰণি আৰু নতুন বছৰৰ সংগমৰ সময়তো স্ব-পৰিৱৰ্তনৰ সংকল্প দৃঢ় কৰিলা আৰু কৰিবই লাগে। যি শুনালোঁ প্ৰতিটো চেকেণ্ডত অটল, অখণ্ড মহাদানী হ’ব লাগে। দাতাৰ সন্তান মাষ্টৰ দাতা হ’ব লাগে। পুৰণি বছৰক বিদায় দিয়াৰ লগতে পুৰণি সৃষ্টিৰ আকৰ্ষণ আৰু পুৰণি সংস্কাৰক বিদায় দি নতুন শ্ৰেষ্ঠ সংস্কাৰৰ আহ্বান কৰিব লাগে। সকলোকে অনেক কোটিবাৰ অভিনন্দন, অভিন্দনন, অভিনন্দন।

বৰদান:
প্ৰাপ্তি স্বৰূপ হৈ ‘কিয়’, ‘কি’ৰ প্ৰশ্নৰ পৰা দূৰৈত থাকোঁতা সদায় প্ৰসন্নচিত হোৱা

যিসকল প্ৰাপ্তি স্বৰূপ সম্পন্ন আত্মা আছে তেওঁলোকৰ কেতিয়াও কোনো কথাত প্ৰশ্ন উদয় নহ’ব। তেওঁলোকৰ চেহেৰা আৰু চাল-চলনত প্ৰসন্নতাৰ ব্যক্তিত্ব দৃষ্টিগোচৰ হ’ব, ইয়াকে সন্তুষ্টি বুলি কোৱা হয়। প্ৰসন্নতা যদি কম হয় তেন্তে তাৰ কাৰণ হৈছে প্ৰাপ্তি কম আৰু প্ৰাপ্তি কম হোৱাৰ কাৰণ হ’ল কিবা নহয় কিবা ইচ্ছা। বহুত সূক্ষ্ম ইচ্ছাবোৰে অপ্ৰাপ্তিৰ ফালে আকৰ্ষিত কৰি লয়, সেয়েহে অল্পকালৰ ইচ্ছাবোৰ এৰি প্ৰাপ্তি স্বৰূপ হোৱা তেতিয়া সদায় প্ৰসন্নচিত হৈ থাকিবা।

স্লোগান:
পৰমাত্ম স্নেহত লীন হৈ থাকা তেতিয়া মায়াৰ আকৰ্ষণ সমাপ্ত হৈ যাব।

সূচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিবস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ বিশেষ নিজৰ মাষ্টৰ সৰ্বশক্তিমান স্বৰূপত স্থিত হৈ, সকলো নিৰ্বল, দুৰ্বল আত্মাক শুভ ভাৱনাৰ কিৰণ দিয়া। পৰমাত্ম শক্তিসমূহৰ অনুভৱ কৰি চাৰিওফালে শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলাৰ সেৱা কৰা।

পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

অপকাৰীৰো উপকাৰ কৰা, এয়াই জ্ঞানী আত্মাৰ কৰ্তব্য। যেনেকৈ পিতাই গ্লানিকো কল্যাণকাৰী দৃষ্টিৰে চালে। উপকাৰীৰ উপকাৰতো জগতৰ লোকেও কৰে, ভক্ত আত্মাসকলেও কৰে কিন্তু জ্ঞানী আত্মাৰ অৰ্থ হৈছে সকলোৰে প্ৰতি কল্যাণৰ ভাৱনা, অকল্যাণ সংকল্প মাত্ৰও যাতে নাথাকে। অপকাৰীৰো উপকাৰৰ কৰা তেতিয়া বিশ্ব কল্যাণকাৰী বুলি ক’ব।