28.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে যিমানে পিতাক স্মৰণ কৰিবা সিমানে আত্মা জ্যোতিষ্মান হৈ যাব, জ্ঞানৱান আত্মাৰ জেউতি চৰে”

প্ৰশ্ন:
মায়াই কোনসকল সন্তানক অলপো অশান্ত কৰিব নোৱাৰে?

উত্তৰ:
যিসকল পৰিপক্ক যোগী, যিসকলে যোগবলেৰে নিজৰ সকলো কৰ্মেন্দ্ৰিয় শীতল কৰিছে, যিসকল যোগযুক্ত হৈ থাকিবলৈয়ে যত্ন কৰে, তেওঁলোকক মায়াই অলপো অশান্ত কৰিব নোৱাৰে। যেতিয়া তোমালোক পৰিপক্ক যোগী হৈ যাবা তেতিয়া লায়ক হৈ যাবা। লায়ক হ’বলৈ প্ৰথমে হৈছে পৱিত্ৰতা।

ওঁম্শান্তি।
অতি মৰমৰ সন্তানসকলক পিতাই বহি বুজায়। অজ্ঞানতাৰ কাৰণে তোমালোক আত্মা ভোদা হৈ গৈছা। হীৰাৰ উজ্জ্বলতা থাকে নহয়, পাথৰৰ উজ্জ্বলতা নাথাকে সেইবাবে কোৱা হয় পাথৰৰ দৰে ভোদা হৈ গৈছা। পাছত জাগি উঠিলে কোৱা হয় এয়া যেন পৰশমণি। এতিয়া অজ্ঞানতাৰ কাৰণে আত্মাৰ জ্যোতি নিষ্প্ৰভ হৈ গৈছে, ক’লা হৈ নাযায়। এয়া নাম ৰখা হৈছে। আত্মা সকলো একে নিচিনাই, শৰীৰৰ গঠন অনেক প্ৰকাৰৰ হয়। আত্মাতো একেই। এতিয়া তোমালোকে বুজি পোৱা যে আমি আত্মা, পিতাৰ সন্তান। এই সকলো জ্ঞান আছিল, সেয়া আকৌ লাহে লাহে নোহোৱা হৈ গৈছে। নোহোৱা হৈ হৈ শেষত যেতিয়া একো নাথাকে তেতিয়া কোৱা হয় অজ্ঞান। তোমালোকো অজ্ঞানী আছিলা। এতিয়া জ্ঞানৰ সাগৰৰ দ্বাৰা জ্ঞানী হৈ যোৱা, আত্মাতো বহুত সূক্ষ্ম। এই দুচকুৰে দেখিবলৈ পোৱা নাযায়। পিতা আহি বুজায়, সন্তানসকলক জ্ঞানৱান কৰি তোলে, তেতিয়া জাগি উঠে। ঘৰে ঘৰে আলোকময় হৈ যায়। এতিয়া ঘৰে ঘৰে অন্ধকাৰ অৰ্থাৎ আত্মা নিষ্প্ৰভ হৈ গৈছে। এতিয়া পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া জ্যোতি জাগি যাব আৰু তোমালোক জ্ঞানৱান হৈ যাবা। পিতাই কাৰো গ্লানি নকৰে। এয়াতো ড্ৰামাৰ ৰহস্য বুজায়। সন্তানসকলক কৈছে নহয় যে এয়াতো সকলো মূঢ়মতি হৈ গ’ল। কোনে কয়? পিতাই। সন্তানসকল, শ্ৰীমতত তোমালোকৰ বুদ্ধি কিমান সুন্দৰ হৈ গৈছিল। এতিয়া তোমালোকে অনুভৱ কৰা নহয়। তোমালোকে জ্ঞান পাইছা। জ্ঞানক পঢ়া বুলি কোৱা হয়। পিতাৰ পঢ়াৰ দ্বাৰা আমাৰ জ্যোতি জাগ্ৰত হৈ গৈছে, ইয়াকে সঁচা দীপাৱলী বুলি কোৱা হয়। সৰুকালত মাটিৰ চাকিত তেল ঢালি বন্তি জ্বলাইছিল। সেয়াতো নিয়ম চলি থাকে। তাৰ দ্বাৰা কোনো দীপাৱলী নহয়। এয়াতো আত্মা যি ভিতৰত আছে, সেই আত্মা নিষ্প্ৰভ হৈ গৈছে। তাৰ জ্যোতি পিতা আহি জ্বলায়। সন্তানসকলক আহি জ্ঞান দিয়ে, পঢ়ায়। স্কুলত শিক্ষকে পঢ়ায় নহয়। সেয়া হ’ল হদৰ জ্ঞান, এয়া হ’ল বেহদৰ জ্ঞান। কোনোবা সাধু, সন্তই জানো পঢ়ায়! ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ জ্ঞান কেতিয়াবা শুনিছানে? কেতিয়াবা কোনোবাই আহি পঢ়ুৱাইছেনে? গৈ চোৱাচোন ক’ত এই জ্ঞান পঢ়ায়? কেৱল এজন পিতাইহে পঢ়ায় গতিকে তেওঁৰ ওচৰত পঢ়া উচিত। পিতা সাধাৰণভাৱে আহি যায়। নাগৰা বজায় জানো যে মই গৈ আছোঁ। সাধাৰণভাৱে আহি প্ৰৱেশ কৰে। তেওঁ আৱাজতো কৰিব নোৱাৰে যেতিয়ালৈকে কৰ্মেন্দ্ৰিয়ৰ আধাৰ নলয়। আত্মায়ো কৰ্মেন্দ্ৰিয় অবিহনে আৱাজ কৰিব নোৱাৰে, শৰীৰত যেতিয়া আহে, তেতিয়া আৱাজ কৰে। তোমালোকে বুজালেও কোনেও মানি নল’ব। সন্তানসকলক যেতিয়া এই জ্ঞান দিয়া হয় তেতিয়া বুজি পায়। এই জ্ঞান পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। বিনাশৰ সাক্ষাৎকাৰো কোনোবাই বিচাৰে জানো। এয়া পিতাহে আহি কৰায়। ড্ৰামা অনুসৰি পুৰণি সৃষ্টি এতিয়া নাশ হ’ব। নতুন সৃষ্টি স্থাপনা হৈ আছে। যিয়ে পিতাৰ পৰা জ্ঞান ল’ব লাগে তেওঁলোক আহি থাকিব। কিমানক জ্ঞান দিলে? অগণন, গাঁওবোৰৰ পৰা কিমান অনেক আহে। এয়া আত্মা আৰু পৰমাত্মাৰ মেলা এবাৰে লাগে। সংগমযুগতে আহে। পিতা আহি নতুন সৃষ্টি স্থাপনা কৰে, যাৰ জ্যোতি জগায় তেওঁলোকে আকৌ গৈ আনৰ জ্যোতি জগায়। এতিয়া তোমালোক সকলো উভতি যাব লাগে। এই ক্ষেত্ৰত বুদ্ধিৰে কাম কৰিব লাগে। ভক্তিমাৰ্গত হৈছে অন্ধকাৰ। জ্ঞান দিওঁতাতো এজন পিতাৰ প্ৰয়োজন। তেওঁ আহেই সংগমত। পুৰণি সৃষ্টিত জ্ঞান পাব নোৱাৰে। মনুষ্যৰ খেয়ালত আছে এতিয়াতো 40 হাজাৰ বছৰ বাকী আছে, একেবাৰে ঘোৰ অন্ধকাৰত আছে। ভাবে 40 হাজাৰ বছৰ পাছত ভগৱান আহিব। নিশ্চয় জ্ঞান দি সৎগতি কৰিব তেন্তে সেয়া অজ্ঞানতা নহ’ল জানো। ইয়াকে অজ্ঞান অন্ধকাৰ বুলি কোৱা হয়। অজ্ঞানীসকলক জ্ঞানৰ প্ৰয়োজন। ভক্তিক জ্ঞান বুলি কোৱা নহয়। আত্মাত জ্ঞান নাই কিন্তু ভোদা বুদ্ধি হোৱা বাবে ভাবে ভক্তিয়ে জ্ঞান। এফালে কয় – জ্ঞান সূৰ্য আহিলে আলোকময় হ’ব, কিন্তু একো বুজি নাপায়। তেওঁলোকে গায় – জ্ঞান সূৰ্য প্ৰকট হ’ল… কাৰ ক্ষেত্ৰত জ্ঞান সূৰ্য বুলি কয়? কেতিয়া আহিল এয়া কোনেও নাজানে। পণ্ডিত আদি হ’লে তেতিয়া ক’ব যেতিয়া কলিযুগ পূৰা হ’ব তেতিয়া আলোকময় হ’ব। এই সকলো কথা পিতা আহি বুজায়। সন্তানসকলে ক্ৰমানুসৰি বুজি পায়। শিক্ষকে ল’ৰা-ছোৱালীক পঢ়ুৱায়, একে সমানেতো ল’ৰা-ছোৱালীয়ে নপঢ়ে। পঢ়াত একে সমান নম্বৰ কেতিয়াও নাপায়।

তোমালোকে জানা যে বেহদৰ পিতা আহিছে। এতিয়া পুৰণি সৃষ্টিৰ বিনাশো সমাগত। এতিয়াহে পিতাৰ পৰা জ্ঞান ল’ব লাগে আৰু স্মৃতিৰ যাত্ৰা শিকিব লাগে। স্মৃতিৰেহে বিকৰ্ম বিনাশ হ’ব। পিতাই কয় – এই সংগমতে আহি এই শৰীৰ ঋণত লওঁ অৰ্থাৎ প্ৰকৃতিৰ আধাৰ লওঁ। ‘গীতা’তো এইটো শব্দ আছে, বাবাই আন কোনো শাস্ত্ৰৰ নাম নলয়। ‘গীতা’ এখনে। এয়া হয়েই ৰাজযোগৰ শিক্ষা। নাম ৰাখিছে ‘গীতা’। ইয়াত প্ৰথমতে লিখিছে - ভগৱানুবাচ। এতিয়া ভগৱান কাক কোৱা হয়? ভগৱান হ’ল নিৰাকাৰ, তেওঁৰ নিজৰ শৰীৰতো নাই। সেয়া হ’ল নিৰাকাৰী সৃষ্টি, য’ত আত্মা থাকে। সূক্ষ্মবতনক সৃষ্টি বুলি কোৱা নহয়। এয়া হ’ল স্থূল সাকাৰ সৃষ্টি, সেয়া হ’ল আত্মাৰ সৃষ্টি। গোটেই খেল ইয়াতেই চলে। নিৰাকাৰী সৃষ্টিত আত্মা কিমান সূক্ষ্ম। আকৌ ভূমিকা পালন কৰিবলৈ আহে। এইটো খেয়াল তোমালোক সন্তানসকলৰহে বুদ্ধিত ধাৰণ কৰোৱা হয়। ইয়াকে জ্ঞান বুলি কোৱা হয়। বেদ-শাস্ত্ৰক ভক্তি বোলা হয়, জ্ঞান নহয়। তোমালোকে সাধু-সন্ন্যাসী ইমান লগ পোৱা নাই, বাবাইতো বহুত সংগ পাইছিল। বহুত গুৰুৰ ওচৰলৈ গৈছিল। যদি সোধা হয় আপুনি সন্ন্যাস কিয় ল’লে? ঘৰ-সংসাৰ কিয় ত্যাগ কৰিলে? তেতিয়া কৈছিল - বিকাৰৰ দ্বাৰা বুদ্ধি ভ্ৰষ্ট হৈ যায় সেইবাবে ঘৰ-সংসাৰ ত্যাগ কৰিলোঁ। বাৰু, জংঘলত গৈ থাকেগৈ আকৌ ঘৰ-সংসাৰ স্মৃতিলৈ আহেনে? কয়, হয় আহে। বাবাইতো দেখিছে – এজন সন্ন্যাসীতো পুনৰ ঘৰলৈও উভতি গৈছিল। এয়াও শাস্ত্ৰত আছে। মনুষ্য বানপ্ৰস্থ অৱস্থাত তেতিয়া যায় যেতিয়া বয়স বেছি হৈ যায়, কম বয়সত বানপ্ৰস্থী হ’ব নোৱাৰে। কুম্ভ মেলালৈ বহুত ডেকা নাঙঠ লোক আহে। তেওঁলোকে ঔষধ খায়, যাৰ দ্বাৰা কৰ্মেন্দ্ৰিয় শীতল হৈ যায়। তোমালোকেতো যোগবলৰ দ্বাৰা কৰ্মেন্দ্ৰিয়সমূহক বশ কৰিব লাগে। যোগবলেৰে বশ হৈ হৈ শেষত শীতল হৈয়েই যাব। কোনোৱে কয় – বাবা, মায়াই বহুত অশান্ত কৰে। তাততো এনেকুৱা কথা নাথাকে। কৰ্মেন্দ্ৰিয় বশ তেতিয়া হ’ব যেতিয়া তোমালোক যোগত পৰিপক্ক হ’বা। কৰ্মেন্দ্ৰিয় শান্ত হৈ যাব। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। তাত এনেকুৱা ছিঃ ছিঃ কাম নাথাকে। পিতা আহিছে এনেকুৱা স্বৰ্গধামলৈ লৈ যাবলৈ। তোমালোকক লায়ক কৰি আছে। মায়াই তোমালোকক নালায়ক কৰি দিয়ে অৰ্থাৎ স্বৰ্গ বা জীৱনমুক্তি ধামলৈ যোৱাৰ লায়ক নোহোৱা। সেয়েহে পিতা আহি লায়ক কৰি তোলে। তাৰ বাৰে পৱিত্ৰতা হৈছে মুখ্য। গায়নো কৰে – বাবা, আমি পতিত হৈ গৈছোঁ, আমাক আহি পাৱন কৰি তোলক। পাৱন মানে পৱিত্ৰ, গায়নো আছে – অমৃত এৰি বিহ কিয় খাম। তাৰ নাম বিহো হয়, যিয়ে আদি-মধ্য-অন্ত দুখ দিয়ে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পিতা কিমান বাৰ আহিছে, তোমালোক সন্তানসকলক আহি লগ কৰিছে। তোমালোকক কনিষ্ঠৰ পৰা উত্তম পুৰুষ কৰি গঢ়ি তোলা হয়। আত্মা পৱিত্ৰ হ’লে তেতিয়া আয়ুসো বাঢ়ে। স্বাস্থ্য, ধন আৰু সুখ সকলো পোৱা যায়। এয়াও তোমালোকে ফলকত লিখিব পাৰা। এক ছেকেণ্ডত 21 জন্মৰ বাবে স্বাস্থ্য, ধন, সুখ। পিতাৰ পৰা 21 জন্মৰ বাবে উত্তৰাধিকাৰ পোৱা যায়। কিছুমান সন্তানে ফলক লগাবলৈও ভয় কৰে। ফলকতো সকলোৰে ঘৰত থাকেই। তোমালোক চাৰ্জনৰ সন্তান নোহোৱা জানো। তোমালোকে স্বাস্থ্য, ধন, সুখ সকলো পোৱা। সেয়েহে তোমালোকে আকৌ আনকো দিয়া। দিব পাৰা যদি তেন্তে কিয় ফলকত লিখি নিদিয়া! তেতিয়া মনুষ্যই আহি বুজিব যে ভাৰতত আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে স্বাস্থ্য-ধন আছিল, পৱিত্ৰতাও আছিল। এক ছেকেণ্ডত বেহদৰ পিতাৰ উত্তৰাধিকাৰ। তোমালোকৰ ওচৰলৈ বহুত আহিব। তোমালোকে বহি বুজোৱা এই ভাৰতেই সোণৰ চৰাই (সমৃদ্ধিশালী) আছিল, এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজ্য আছিল। তেওঁলোক আকৌ ক’লৈ গ’ল? 84 জন্ম প্ৰথমে এওঁলোকে ল’ব। এওঁ (ব্ৰহ্মা) প্ৰথম নম্বৰৰ নহয় জানো, এৱেঁই আকৌ শেষৰ নম্বৰত আহে। পিতাই কয় – এতিয়া তোমালোকৰ 84ৰ চক্ৰ পূৰা হৈছে। পুনৰ আৰম্ভ হ’ব। বেহদৰ পিতাহে আহি এই পদ প্ৰাপ্ত কৰায়। কেৱল কয় – তোমালোকে মোক স্মৰণ কৰা তেতিয়া পাৱন হৈ যাবা। 84 জন্মক জানি পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। কিন্তু পঢ়িবতো লাগে নহয়।

তোমালোকক কোৱা হয় স্বদৰ্শন চক্ৰধাৰী। নতুন কোনেও বুজিব নোৱাৰে। তোমালোকে জানা ‘স্ব’ বুলি আত্মাক কোৱা হয়। আমি আত্মা যি পৱিত্ৰ আছিলোঁ, আৰম্ভণিৰ পৰা 84ৰ চক্ৰ পৰিক্ৰমা লগালোঁ। সেয়াও পিতাই শুনায়, তোমালোকে প্ৰথমতে শিৱৰ ভক্তি আৰম্ভ কৰিছা। তোমালোকতো অব্যভিচাৰী ভক্ত আছিলা। পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। পিতাই কয় – অতি মৰমৰ সন্তানসকল, তোমালোকে প্ৰথমতে এই জন্ম ল’লা। কোনোবা চহকী হ’লে তেতিয়া ক’ব নহয় যে পূৰ্ব জন্মত এওঁ এনেকুৱা কৰ্ম কৰিছিল। কোনোবা বেমাৰী হ’লে তেতিয়া ক’ব পূৰ্ব জন্মৰ হিচাপ-নিকাচ। বাৰু, এই লক্ষ্মী-নাৰায়ণে কেনেকুৱা কৰ্ম কৰিছিল? এয়া পিতাই বহি বুজায়। এওঁলোকৰ 84 জন্ম পূৰা হৈছে পুনৰ প্ৰথম নম্বৰত আহিব লাগে। ভগৱান সংগমযুগতহে আহি ৰাজযোগ শিকায়। এতিয়া তোমালোকে বুজিছা যে বাবাই আমাক ৰাজযোগ শিকাই আছে। তথাপিও তোমালোকে পাহৰি যাবা। কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ গূঢ় গতিও পিতাই বুজাইছে, ৰাৱণৰাজ্যত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। তাত কৰ্ম অকৰ্ম হয়। তাত ৰাৱণৰাজ্যই নাই। বিকাৰ নাথাকে। তাত হয়েই যোগবল, যিহেতু যোগবলৰ দ্বাৰা আমি বিশ্বৰ মালিক হওঁ তেন্তে নিশ্চয় পৱিত্ৰ সৃষ্টিৰো প্ৰয়োজন। পুৰণি সৃষ্টিক অপৱিত্ৰ, নতুন সৃষ্টিক পৱিত্ৰ সৃষ্টি বুলি কোৱা হয়। সেয়া হ’ল নিৰ্বিকাৰী সৃষ্টি, এয়া হ’ল বিকাৰী সৃষ্টি। পিতা আহি বেশ্যালয়ক শিৱালয় কৰি তোলে। সত্যযুগ হৈছে শিৱালয়। শিৱবাবা আহি তোমালোকক সত্যযুগৰ বাবে লায়ক কৰি আছে। লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গৈ তোমালোকে সুধিব পাৰা। আপোনালোকে জানেনে এওঁলোকে এই পদ কেনেকৈ পালে? বিশ্বৰ মালিক কেনেকৈ হ’ল? পিতাই কয় – তোমালোকে নাজানা, মই জানো। তোমালোক পিতাৰ সন্তানসকলেহে ক’ব পাৰা যে আমি আপোনালোকক শুনাব পাৰোঁ – এওঁলোকে এই পদ কেনেকৈ পালে। এওঁলোকেহে পূৰা 84 জন্ম লৈছে আকৌ পুৰুষোত্তম সংগমযুগত পিতা আহি ৰাজযোগ শিকাইছে আৰু ৰাজধানী দিছে। তাৰ আগতে প্ৰথম নম্বৰৰ পতিত আছিল পুনৰ প্ৰথম নম্বৰৰ পৱিত্ৰ হ’ল। গোটেই ৰাজধানী নহয় জানো। তোমালোকৰ চিত্ৰতো সকলো স্পষ্ট – এওঁলোকক ৰাজযোগ কোনে শিকালে। উচ্চতকৈও উচ্চ হ’ল পৰমাত্মা। দেৱতাসকলে শিকাব নোৱাৰে, ভগৱানেহে শিকায়, যাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। পিতাক শিক্ষক সৎগুৰু বুলিও কোৱা হয়।

এই সকলো কথা তেওঁলোকেই বুজিব যিসকলে আৰম্ভণিৰ পৰা শিৱৰ ভক্তি কৰিছে। মন্দিৰ নিৰ্মাণ কৰোঁতাসকলক তোমালোকে সোধা – আপুনি এই মন্দিৰ নিৰ্মাণ কৰাইছে, এওঁলোকে এই পদ কেনেকৈ পালে? এওঁলোকৰ ৰাজ্য কেতিয়া আছিল? আকৌ এওঁলোক ক’লৈ গ’ল? এতিয়া এওঁলোক ক’ত আছে? তোমালোকে 84ৰ কাহিনী শুনোৱা তেতিয়া বহুত আনন্দিত হৈ যাব। চিত্ৰ পকেটত ৰাখি থ’ব লাগে। তোমালোকে যিকোনো লোককে বুজাব পাৰা। আৰম্ভণিতে যিসকলে শিৱৰ ভক্তি কৰিছে, তেওঁলোকে শুনিব, আনন্দিত হৈ থাকিব। তোমালোকে বুজি পাবা যে এওঁ আমাৰ কুলৰ। দিনে-প্ৰতিদিনে বাবাই বহুত সহজ যুক্তি শুনায়। তোমালোকে এতিয়া বুজিছা পৰমপিতা পৰমাত্মাহে সকলোৰে সৎগতিদাতা। 21 জন্মৰ বাবে সত্যযুগী বাদশ্বাহী পোৱা যায়। 21 জন্মৰ উত্তৰাধিকাৰ এই পঢ়াৰ আধাৰত পোৱা যায়। বিষয়বস্তু বহুত আছে, বেশ্যালয় আৰু শিৱালয় কাক কোৱা হয় – এইটো বিষয়ৰ ওপৰত আমি পৰমপিতা পৰমাত্মাৰ জীৱন কাহিনী শুনাব পাৰোঁ। লক্ষ্মী-নাৰায়ণৰ 84 জন্মৰ কাহিনী – এয়াও এটা বিষয়বস্তু। বিশ্বত শান্তি কেনেকৈ স্থাপনা হৈছিল, পাছত অশান্তি কেনেকৈ হ’ল, এতিয়া পুনৰ শান্তি কেনেকৈ স্থাপনা হৈ আছে – এয়াও এটা বিষয়বস্তু। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া উত্তম পুৰুষ হ’বলৈ স্মৃতিৰ বলেৰে আত্মাক পৱিত্ৰ কৰি তুলিব লাগে, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম কৰিব নালাগে।

(2) জ্ঞানৱান হৈ আত্মাসকলক সজাগ কৰাৰ সেৱা কৰিব লাগে। আত্মাৰূপী জ্যোতিত জ্ঞান-যোগৰ ঘৃত ঢালিব লাগে। শ্ৰীমতত বুদ্ধি স্বচ্ছ কৰি তুলিব লাগে।

বৰদান:
বিন্দু স্বৰূপত স্থিত হৈ মন বুদ্ধিক নেতিবাচক প্ৰভাৱৰ পৰা নিৰাপদে ৰাখোঁতা বিশেষ আত্মা হোৱা

যেনেকৈ ঋতু অনুসৰি তাৰ পৰা ৰক্ষা পাবলৈ সেই অনুসৰি মনোযোগ দিয়া হয়। বৰষুণ আহিলে ছাটি, ‘ৰেইন কোট’ আদিৰ প্ৰতি মনোযোগ দিব। ঠাণ্ডা আহিলে গৰম কাপোৰ ৰাখিব… এনেকৈ বৰ্তমান সময়ত মন, বুদ্ধিত নেতিবাচক ভাৱ আৰু ভাৱনা উৎপন্ন কৰোৱাৰ বিশেষ কাৰ্য মায়াই কৰি আছে সেয়েহে নিৰাপত্তাৰ কাৰণে বিশেষ সাধন অৱলম্বন কৰা। ইয়াৰ সহজ সাধন হ’ল - এক বিন্দু স্বৰূপত স্থিত হোৱা। আশ্চৰ্য আৰু প্ৰশ্নবোধক চিনৰ পৰিৱৰ্তে বিন্দু লগোৱা অৰ্থাৎ বিশেষ আত্মা হোৱা।

স্লোগান:
আজ্ঞাকাৰী তেৱেঁই যিয়ে প্ৰতিটো সংকল্প, বাণী আৰু কৰ্মত “জী হজুৰ” কৰে।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

এতিয়া মায়াৰ কোনো শক্তি নাই। মায়া মৃতপ্ৰায় হৈ পৰি আছে, কেৱল অলপ শ্বাস লৈ আছে, এতিয়া অন্তিম শ্বাস লৈ থকা সময়ত কেৱল নিমিত্ত মাত্ৰ বিজয়ী হ’ব লাগে। যিকোনো পৰিস্থিতিত থাকি, বায়ুমণ্ডল প্ৰকম্পনৰ অস্থিৰতাত সন্তুষ্ট হৈ থাকা তেতিয়া সন্তুষ্টতা স্বৰূপ, শ্ৰেষ্ঠ আত্মা বিজয়ী ৰত্নৰ প্ৰমাণপত্ৰৰ অধিকাৰী হয়। সন্তুষ্টতাৰ গুণে নিৰ্বিকল্প, একৰস বিজয়ী আসনৰ অধিকাৰী কৰি দিয়ে।