29.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক ইয়ালৈ পাঠ পঢ়িব আহিছা, তোমালোকে চকু বন্ধ কৰাৰ দৰকাৰ নাই, পাঠ চকু মেলি পঢ়া হয়”

প্ৰশ্ন:
ভক্তিমাৰ্গত কোনটো অভ্যাস ভক্তসকলৰ থাকে যিটো এতিয়া তোমালোক সন্তানসকলৰ থকা উচিত নহয়?

উত্তৰ:
ভক্তিত যিকোনো দেৱতাৰ মূৰ্তিৰ আগত গৈ কিবা নহয় কিবা মাগি থাকে। তেওঁলোকৰ মাগি থকাৰে অভ্যাস হৈ যায়। লক্ষ্মীৰ আগত গ'লে ধন বিচাৰিব, কিন্তু একোৱে নাপায়। এতিয়া তোমালোক সন্তানসকলৰ এইটো অভ্যাস নাই, তোমালোকতো পিতাৰ উত্তৰাধিকাৰৰ উত্তৰাধিকাৰী হৈছা। তোমালোকে সত্য বিচিত্ৰ পিতাক চাই থাকা, ইয়াতেই তোমালোকৰ সঁচা উপাৰ্জন হয়।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায় – এইখন হৈছে পাঠশালা। কিন্তু ইয়াত কোনো চিত্ৰ অৰ্থাৎ দেহধাৰীক চাব নালাগে। ইয়াত দেখিও বুদ্ধি যাৰ কোনো চিত্ৰ নাই সেইফালে যাব লাগে। স্কুলত ছাত্ৰ-ছাত্ৰীৰ মনযোগ সদায় শিক্ষকৰ প্ৰতি থাকে কিয়নো তেওঁ পঢ়ায় সেয়েহে নিশ্চয় তেওঁৰ কথা শুনিব লাগে আকৌ সঁহাৰি জনাব লাগে। শিক্ষকে প্ৰশ্ন সুধিলে ইংগিত দিব নহয় যে মই ক’ম। ইয়াত এয়া হ'ল বিচিত্ৰ স্কুল কিয়নো এই পঢ়া হৈছে বিচিত্ৰ, যাৰ কোনো চিত্ৰ নাই। গতিকে পঢ়াৰ সময়ত চকু মেলি বহিব লাগে। স্কুলত শিক্ষকৰ সন্মুখত চকু মুদি বহে জানো! ভক্তিমাৰ্গত চকু মুদি মালা আদি জপে… সাধু লোকসকলেও চকু মুদি বহে। তেওঁলোকেতো স্ত্ৰীৰ ফালে নাচায়েই যাতে মন চঞ্চল হৈ নাযায়। কিন্তু এতিয়া তমোপ্ৰধান সময়। পিতাই তোমালোক সন্তানসকলক বুজাইছে - ইয়াত যদিও তোমালোকে শৰীৰক দেখা কিন্তু বুদ্ধিয়ে সেই বিচিত্ৰজনক স্মৰণ কৰি থাকে। এনেকুৱা কোনো সাধু-সন্ত নোলাব যিয়ে শৰীৰক দেখিও সেই বিচিত্ৰজনক স্মৰণ কৰে। তোমালোকে জানা যে এই ৰথত বহি বাবাই আমাক পঢ়ায়। তেওঁ কয়, সকলো আত্মাইহে কৰে, শৰীৰেতো একোৱেই নকৰে। আত্মাই শুনে। আত্মিক জ্ঞান বা পাৰ্থিৱ জ্ঞান আত্মায়ে শুনে আৰু শুনায়। আত্মা শৰীৰধাৰী শিক্ষক হয়। শৰীৰৰ দ্বাৰা পাৰ্থিৱ পঢ়া পঢ়ে। সেয়াও আত্মাইহে পঢ়ে। ভাল বা বেয়া সংস্কাৰ আত্মাইহে ধাৰণ কৰে। শৰীৰতো ছাই হৈ যায়। এয়াও কোনো মনুষ্যই নাজানে। তেওঁলোকৰ দেহ-অভিমান থাকে - মই অমুক, মই প্ৰধানমন্ত্ৰী। এনেকৈ নকয় যে মই আত্মাই এই প্ৰধানমন্ত্ৰীৰ শৰীৰ ধাৰণ কৰিছোঁ। এয়াও তোমালোকে বুজি পোৱা। সকলো আত্মায়ে কৰে। আত্মা অবিনাশী, ইয়াত কেৱল ভূমিকা পালন কৰিবলৈ শৰীৰ পাইছে। আত্মা নাথাকিলে শৰীৰে একো কৰিব নোৱাৰে। আত্মা শৰীৰৰ পৰা ওলাই গ’লে তেতিয়া মৃতদেহ হৈ পৰি থাকে। আত্মাক এই দুচকুৰে চাব নোৱাৰি। আত্মাতো সূক্ষ্ম। গতিকে পিতাই কয় - বুদ্ধিৰে পিতাক স্মৰণ কৰা। তোমালোকৰো বুদ্ধিত আছে যে আমাক এওঁৰ দ্বাৰা শিৱবাবাই পঢ়ায়। এয়াও সূক্ষ্মভাবে বুজিবলগীয়া কথা। কিছুমানেতো ভালদৰে বুজে, কিছুমানে আকৌ অলপো নুবুজে। বুজিবলগীয়া কথাও এয়াই। ‘অল্ফ’ মানে ভগৱান বাবা। কেৱল ভগৱান বা ঈশ্বৰ বুলি ক’লে সেই পিতাৰ সম্বন্ধ নাথাকে। এই সময়ত সকলো পাথৰ বুদ্ধিৰ কিয়নো ৰচয়িতা পিতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানে। এয়া বিশ্বৰ বুৰঞ্জী আৰু ভূগোল পুনৰাবৃত্তি হৈ থাকে। এতিয়া হৈছে সংগমযুগ, এয়া কোনেও গম নাপায়। তোমালোকে বুজা যে আগতে আমিও নাজানিছিলোঁ। বাবাই এতিয়া তোমালোকক ইয়াত জ্ঞানেৰে অলংকৃত কৰে পুনৰ ইয়াৰ পৰা বাহিৰলৈ গ’লে তেতিয়া মায়াৰূপী ধূলিয়ে লেটি-পেটি কৰি শোভা নষ্ট কৰি দিয়ে। পিতাইতো অলংকৃত কৰে, কিন্তু নিজৰ পুৰুষাৰ্থও কৰিব লাগে। কিছুমান সন্তানে মুখেৰে এনেকৈ কয় যেন জংঘলীহে, অলংকৃত যেন হোৱাই নাই, সকলো পাহৰি যায়। শেষৰ ফালে যিসকল বিদ্যাৰ্থী বহে তেওঁলোকৰ পঢ়াত মন নবহে। অৱশ্যে হয়, কাৰখানা আদিত কাম কৰি চহকী হৈ যায়। পঢ়া হ’লে একোৱে নাই, এয়াতো বহুত উচ্চ পঢ়া। নপঢ়াকৈ ভৱিষ্যতে পদ পাব নোৱাৰে। ইয়াত তোমালোকে কাৰখানা আদিত বহি কোনো কাম কৰিব নালাগে, যাৰ দ্বাৰা ধনৱান হ’ব লাগে। এয়াতো সকলো নাশ হৈ যাব। কেৱল অবিনাশী উপাৰ্জনহে লগত যাব। তোমালোকে জানা, মনুষ্য মৰিলে খালী হাতে যায়। লগত একো লৈ নাযায়। তোমালোকৰ হাত ভৰপূৰ হৈ যাব, ইয়াকে সঁচা উপাৰ্জন বুলি কোৱা হয়। এই সঁচা উপাৰ্জন তোমালোকৰ 21 জন্মৰ বাবে হয়। বেহদৰ পিতাইহে সঁচা উপাৰ্জন কৰোৱায়।

তোমালোক সন্তানসকলে এই চিত্ৰ দেখিবলৈ পোৱা কিন্তু স্মৰণ কৰা বিচিত্ৰ পিতাক কিয়নো তোমালোকো হৈছা আত্মা গতিকে আত্মাই নিজৰ পিতাকে চায়। তেওঁৰ পৰাই পঢ়ে। আত্মা আৰু পৰমাত্মাক তোমালোকে নেদেখা, কিন্তু বুদ্ধিৰে জানা। আমি আত্মা অবিনাশী। এই শৰীৰ বিনাশী। এই পিতায়ো যদিও তোমালোক সন্তানসকলক সন্মুখত প্ৰত্যক্ষ কৰে কিন্তু বুদ্ধিত থাকে যে আত্মাসকলক বুজাওঁ। এতিয়া পিতাই তোমালোক সন্তানসকলক যি শিকায় সেয়া কেৱল সত্য, ইয়াত এক ৰতিও মিছা নাই। তোমালোক সত্যখণ্ডৰ মালিক হোৱাগৈ। এয়া হৈছে মিছাখণ্ড। মিছাখণ্ড হৈছে কলিযুগ, সত্যখণ্ড হৈছে সত্যযুগ - দিন ৰাতিৰ পাৰ্থক্য আছে। সত্যযুগত দুখৰ কথা নাথাকে। নামেই হৈছে সুখধাম। বেহদৰ পিতাইহে সেই সুখধামৰ মালিক কৰি তুলিব। তেওঁৰ কোনো চিত্ৰ নাই, বাকী সকলোৰে চিত্ৰ আছে। সেই আত্মাৰ (পৰমাত্মাৰ) নাম সলনি হয় জানো? তেওঁৰ নামেই হৈছে ‘শিৱ’। বাকী সকলোকে আত্মা বুলিয়ে কয়। বাকী শৰীৰৰ নাম থাকে। শিৱলিংগ হ'ল নিৰাকাৰ। জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ.... এয়া শিৱৰ মহিমা। তেওঁ পিতাও হয়। গতিকে পিতাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ পাব লাগে। ৰচনাই ৰচনাৰ পৰা উত্তৰাধিকাৰ নাপায়। ৰচয়িতাই নিজৰ সন্তানসকলক উত্তৰাধিকাৰ দিব। নিজৰ সন্তান থাকোতে ভায়েকৰ সন্তানক উত্তৰাধিকাৰ দিব জানো? এয়াও বেহদৰ পিতাই নিজৰ বেহদৰ সন্তানসকলক উত্তৰাধিকাৰ দিয়ে। এয়া পঢ়া নহয় জানো। যেনেকৈ পঢ়া পঢ়ি মনুষ্য বেৰিষ্টাৰ আদি হয়। পঢ়ুৱাজন আৰু পঢ়াৰ লগত যোগসূত্ৰ থাকে। ইয়াত তোমালোকক পঢ়ুৱাজন হ’ল বিচিএ। তোমালোক আত্মাসকলো হৈছা বিচিত্ৰ। পিতাই কয় - মই আত্মাসকলক পঢ়ুৱাওঁ। তোমালোকেও বুজি পোৱা আমাক পিতাই পঢ়ায়। পিতা এবাৰেই আহি পঢ়ুৱায়। আত্মাইহে পঢ়ে। দুখ-সুখ আত্মায়ে ভোগে, কিন্তু শৰীৰৰ দ্বাৰা। আত্মা ওলাই গ’লে শৰীৰক যিমানেই নামাৰা, যেন মাটিকহে মাৰিছা। গতিকে পিতাই বাৰে বাৰে বুজায় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এয়াতো বাবাই জানে ক্ৰমানুসৰি ধাৰণা কৰে। কিছুমানতো একেবাৰে বুদ্ধিহীন, একোৱে বুজি নাপায়। জ্ঞানতো একেবাৰে সহজ। অন্ধ, খোৰা বা লেঙেৰা জনেও বুজিব পাৰে কিয়নো এয়াতো আত্মাকহে বুজোৱা হয়। আত্মা খোৰা বা লেঙেৰা নহয়। শৰীৰ খোৰা বা লেঙেৰা হয়। পিতাই কিমান ভালদৰে বহি বুজায়, কিন্তু ভক্তিমাৰ্গত চকু মুদি বহা বাবে সেয়া অভ্যাস হৈ গৈছে গতিকে ইয়াতো চকু মুদি বহে। যেন নিচাত মগ্ন। পিতাই কয় - চকু বন্ধ নকৰিবা। সন্মুখত দেখিও বুদ্ধিৰে পিতাক স্মৰণ কৰা তেতিয়াহে বিকৰ্ম বিনাশ হ’ব। কিমান সহজ তথাপিও কয় - বাবা মই স্মৰণ কৰিব নোৱাৰোঁ। হেৰ’ লৌকিক পিতা যাৰ পৰা হদৰ উত্তৰাধিকাৰ পোৱা তেওঁকতো মৃত্যুৰ সময়লৈকে স্মৰণ কৰা, এওঁতো সকলো আত্মাৰে বেহদৰ পিতা, তেওঁক তোমালোকে স্মৰণ কৰিব নোৱাৰানে। যিজন পিতাক আহ্বানো জনায় - হে ঈশ্বৰ পিতা মোক মাৰ্গ-দৰ্শন কৰক। বাস্তৱত এনেকৈ কোৱাটোও ভুল। পিতাতো কেৱল এজনৰ মাৰ্গ-দৰ্শক নহয়। তেওঁতো হৈছে বেহদৰ মাৰ্গ-দৰ্শক। কেৱল এজনক জানো মুক্ত কৰিব। পিতাই কয় - মই আহি সকলোৰে সৎগতি কৰোঁ। মই আহিছোঁৱেই সকলোকে শান্তিধামলৈ লৈ যাবৰ বাবে। ইয়াত বিচৰাৰ দৰকাৰ নাই। বেহদৰ পিতা নহয় জানো। তেওঁলোকেতো হদত আহি মোক মোক বুলি কৈ থাকে। হে পৰমাত্মা মোক সুখ দিয়ক, দুখ দূৰ কৰক। মই পাপী, নীচ আপুনি দয়া কৰক। পিতাই কয় - মই বেহদৰ পুৰণি সৃষ্টিক নতুন কৰি তুলিবলৈ আহিছোঁ। নতুন সৃষ্টিত দেৱতাসকল থাকে, মই প্ৰত্যেক 5 হাজাৰ বছৰ পাছত আহোঁ, যেতিয়া তোমালোক পূৰা পতিত হৈ যোৱা। এয়া হয়েই আসুৰি সম্প্ৰদায়। সত্য শুনাওঁতা সৎগুৰুতো এজনেই। তেৱেঁই পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। পিতাই কয় - এই মাতাসকলেহে স্বৰ্গৰ দ্বাৰ মুকলি কৰিব। লিখাও আছে – স্বৰ্গৰ দ্বাৰ। কিন্তু এয়াও জানো মনুষ্যই বুজিব পাৰে। নৰকত পৰি আছে সেইবাবেতো মাতি থাকে। এতিয়া বাবাই তোমালোকক স্বৰ্গলৈ যোৱাৰ ৰাস্তা দেখুৱায়। পিতাই কয় - মই আহোৱেই পতিতক পাৱন কৰি তুলিবলৈ আৰু উভতাই লৈ যাবলৈ। এতিয়া নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হ’ব। সকলোকে এটাই কথা শুনোৱা যে পিতাই কয় – মায়াজিৎ, জগতজিৎ হোৱা। মই তোমালোক সকলোকে জগতৰ মালিক হ’বলৈ মাৰ্গ-দৰ্শন কৰোঁ, আকৌ দীপাৱলীত লক্ষ্মীৰ পূজা কৰে, তেওঁৰ পৰা ধন বিচাৰে, এনেকৈ নকয় যে স্বাস্থ্য ভাল কৰক, আয়ুস বৃদ্ধি কৰক। তোমালোকেতো পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। আয়ুস কিমান দীঘলীয়া হৈ যায়। এতিয়া স্বাস্থ্য, সম্পদ, সুখ সকলো দি দিয়ে। তেওঁলোকেতো লক্ষ্মীৰ পৰা কেৱল পাথৰ-শিলগুটি বিচাৰে (পিতাই যি দিয়ে তাৰ তুলনাত লক্ষ্মীৰ পৰা বিচৰা ধন শিলগুটি তুল্য) সেয়াও জানো পায়! এয়া এক অভ্যাস হৈ গৈছে। দেৱতাসকলৰ আগত ভিক্ষা মাগিবলৈ যায়। ইয়াত তোমালোকে পিতাৰ পৰা একো মাগিব নালাগে। তোমালোককতো পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰিলে মালিক হৈ যাবা আৰু সৃষ্টি চক্ৰক জানিলে চক্ৰবৰ্তী ৰজা হৈ যাবা। দৈৱীগুণো ধাৰণা কৰিব লাগে, ইয়াত একো কোৱাৰ দৰকাৰ নাই। যিহেতু পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। এতিয়া তোমালোকে এওঁলোকৰ পূজা কৰিবা জানো! তোমালোকে জানা আমি নিজেই তেনেকুৱা হ'বলৈ গৈ আছোঁ তেনেহ'লে এই 5 তত্বৰ কি পূজা কৰিম। আমি বিশ্বৰ বাদশ্বাহী পাওঁ তেন্তে এয়া কি কৰিম। এতিয়া তোমালোক মন্দিৰ আদিলৈ নোযোৱা। পিতাই কয় - এই সকলোবোৰ ভক্তিমাৰ্গৰ সামগ্ৰী। জ্ঞানত মাত্ৰ এটাই কথা – মামেকম্‌ স্মৰণ কৰা। মাথো স্মৰণ কৰিলেই তোমালোকৰ পাপ খণ্ডন হৈ যাব, সতোপ্ৰধান হৈ যাবা। তোমালোকেই সৰ্ব গুণ সম্পন্ন আছিলা আকৌ হ’ব লাগে। এয়াও বুজি নাপায়। পাথৰ বুদ্ধিৰসকলৰ লগত পিতাই কিমান মগজ খটুৱাবলগীয়া হয়। এইটো নিশ্চয় হ’ব লাগে। এজন পিতাৰ বাহিৰে এই কথাবোৰ কোনো সাধু-সন্তই শুনাব নোৱাৰে। এওঁ (ব্ৰহ্মা) জানো ঈশ্বৰ! এওঁতো এতিয়া বহুত জন্মৰ অন্তিম জন্মত আছে। মই এওঁৰ শৰীৰতে প্ৰৱেশ কৰোঁ, যিজনে পূৰা 84 জন্ম লৈছে, গাঁওৰ ল'ৰা আছিল পুনৰ শ্যাম সুন্দৰ হৈ যায়। এওঁতো পূৰা গাঁওৰ ল'ৰা আছিল। আকৌ যেতিয়া অলপ সাধাৰণ হ'ল, তেতিয়া বাবাই প্ৰৱেশ কৰিলে কিয়নো ভাতী তৈয়াৰ কৰিবলগীয়া আছিল। এওঁলোকক কোনে খুৱাব? গতিকে নিশ্চয় সাধাৰণো হ’ব লাগিব। এই সকলোবোৰ বুজিবলগীয়া কথা। পিতাই নিজে কয় - মই এওঁৰ বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ যি সকলোতকৈ পতিত হৈছে, পুনৰ পাৱনো তেৱেঁই হ’ব। 84 জন্ম এওঁ লৈছে, ততত্ত্বম্‌ (তোমালোকৰ ক্ষেত্ৰতো একে কথা)। এজনতো নহয়, বহুত আছে। সূৰ্যবংশী-চন্দ্ৰবংশী হ’বলগীয়াসকল ইয়ালৈ আহে পুৰুষাৰ্থৰ ক্ৰম অনুযায়ী। বাকীসকল তিষ্ঠি থাকিব নোৱাৰে। দেৰীকৈ অহাসকলে জ্ঞানো অলপহে শুনিব। আকৌ দেৰীকৈয়ে আহিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি জ্ঞানেৰে অলংকৰণ কৰে সেয়া স্থায়ী কৰি ৰখাৰ পুৰুষাৰ্থ কৰিব লাগে। মায়াৰ ধূলিত জ্ঞানৰ অলংকাৰ নষ্ট কৰিব নালাগে। পাঠ ভালদৰে পঢ়ি অবিনাশী উপাৰ্জন কৰিব লাগে।

(2) এই চিত্ৰ অৰ্থাৎ দেহধাৰীক সন্মুখত দেখিও বুদ্ধিৰে বিচিত্ৰ পিতাক স্মৰণ কৰিব লাগে। চকু মুদি বহাৰ অভ্যাস কৰিব নালাগে। বেহদৰ পিতাৰ পৰা একো মাগিব নালাগে।

বৰদান:
সময়ৰ মহত্বক জানি তীব্ৰ গতিৰে প্ৰথমত আহোঁতা তীব্ৰগতিৰ পুৰুষাৰ্থী হোৱা

অব্যক্ত ভূমিকা আৰম্ভ হোৱাৰ পাছত অহা আত্মাসকলৰ শেষত আহিও তীব্ৰ গতিৰে প্ৰথমত যোৱাৰ বৰদান প্ৰাপ্ত হৈছে। সেয়েহে সময়ৰ মহত্বক জানি প্ৰাপ্ত হোৱা বৰদানক স্বৰূপত আনা। এই অব্যক্ত প্ৰতিপালন সহজেই শক্তিশালী কৰি তোলোঁতা হয় সেয়েহে যিমান আগবাঢ়ি যাব বিচৰা, আগবাঢ়ি যাব পাৰা। বাপদাদা আৰু নিমিত্ত আত্মাসকলৰ সকলোৰে প্ৰতি সদায় আগলৈ উৰি যোৱাৰ আশীৰ্বাদ থকা কাৰণে তীব্ৰগতিৰ পুৰুষাৰ্থৰ ভাগ্য সহজে প্ৰাপ্ত হৈছে।

স্লোগান:
“নিৰাকাৰ তথা সাকাৰ”ৰ মহামন্ত্ৰৰ স্মৃতিৰে নিৰন্তৰ যোগী হোৱা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

সদায় বিজয়ৰ উৎসাহ-উদ্দীপনাত থাকা। নিৰাশ হোৱাৰ সংস্কাৰ যাতে নাথাকে। যিকোনো কঠিন কাৰ্য ইমান সহজ অনুভৱ হওঁক যেন কোনো ডাঙৰ কথা নহয় কিয়নো অনেক বাৰ সেয়া কৰিছা। কোনো নতুন কথা নহয়। অনেক বাৰ কৰাটোকে পুনৰাবৃত্তি কৰি আছা, এইটো স্মৃতিয়ে বিজয়ী কৰি দিব।