30.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – দুখ-হৰ্তা সুখ-কৰ্তা হৈছে একমাত্ৰ পিতা, তেৱেঁই তোমালোকৰ সকলো দুখ দূৰ কৰে, মনুষ্যই কাৰো দুখ দূৰ কৰিব নোৱাৰে”

প্ৰশ্ন:
বিশ্বত অশান্তিৰ কাৰণ কি? শান্তি কেনেকৈ স্থাপনা হ’ব?

উত্তৰ:
বিশ্বত অশান্তিৰ কাৰণ হৈছে অনেক ধৰ্ম। কলিযুগৰ অন্তত যেতিয়া বিভিন্নতা হয় তেতিয়া অশান্তি হয়। পিতা আহি এক সত্য ধৰ্ম প্ৰতিষ্ঠা কৰে। তেতিয়া তাত শান্তি হৈ যায়। তোমালোকে বুজিব পাৰা যে এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত শান্তি আছিল। পৱিত্ৰ ধৰ্ম, পৱিত্ৰ কৰ্ম আছিল। কল্যাণকাৰী পিতাই পুনৰাই সেই নতুন সৃষ্টি ৰচি আছে। তাত অশান্তিৰ নাম নাই।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়, আত্মিক পিতাকে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। এয়াতো সন্তানসকলক বুজোৱা হৈছে। বোম্বাইত (এতিয়া মুম্বাই) বহুত সমাজকৰ্মী আছে, তেওঁলোকৰ সভা হৈ থাকে। বোম্বাইত বিশেষকৈ য’ত সভা পাতে তাৰ নাম হ’ল “ভাৰতীয় বিদ্যা ভৱন”। এতিয়া বিদ্যা হ’ল দুই প্ৰকাৰৰ। এটা হ’ল পাৰ্থিৱ যিটো স্কুল-কলেজবোৰত দিয়া হয়। এতিয়া তাকে বিদ্যা ভৱন বুলি কয়। নিশ্চয় তাত কিবা বেলেগ বস্তু আছে। আচলতে বিদ্যা কাক কোৱা হয়, এয়াতো মনুষ্যই নাজানেই। এয়াতো আত্মিক বিদ্যা ভৱন হ'ব লাগে। বিদ্যা জ্ঞানক কোৱা হয়। পৰমপিতা পৰমাত্মাহে জ্ঞানৰ সাগৰ। শ্ৰীকৃষ্ণক জ্ঞানৰ সাগৰ বুলি কোৱা নহ’ব। শিৱবাবাৰ মহিমা বেলেগ, শ্ৰীকৃষ্ণৰো মহিমা বেলেগ। ভাৰতবাসী বিভ্ৰান্ত হৈ গৈছে। শ্ৰীকৃষ্ণক ‘গীতা’ৰ ভগৱান বুলি ভাবি বহি আছে সেয়েহে বিদ্যা ভৱন আদি স্থাপনা কৰি থাকে। বুজি একোৱে নাপায়। বিদ্যা হ’ল গীতাৰ জ্ঞান। সেই জ্ঞানতো একমাত্ৰ পিতাৰহে আছে। যাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়, যাক মনুষ্য মাত্ৰেই নাজানে। ভাৰতবাসীৰ ধৰ্মশাস্ত্ৰতো বাস্তৱত এখনেই – সকলো শাস্ত্ৰৰ শিৰোমণি হৈছে ভগৱত গীতা। এতিয়া ভগৱান বুলি কাক কোৱা হ’ব? সেয়াও এতিয়া ভাৰতবাসীয়ে বুজি নাপায় নতুবা শ্ৰীকৃষ্ণক ভগৱান বুলি কৈ দিয়ে নতুবা ৰামক নহ’লে নিজকে পৰমাত্মা বুলি কৈ দিয়ে। এতিয়াতো সময়ো তমোপ্ৰধান, ৰাৱণৰাজ্য নহয় জানো।

তোমালোক সন্তানসকলে যেতিয়া কাৰোবাক বুজোৱা তেতিয়া ক'বা “শিৱ ভগৱানুবাচ”। প্ৰথমতে এইটো বুজক যে জ্ঞানৰ সাগৰ হৈছে এজনেই পৰমপিতা পৰমাত্মা, যাৰ নাম হৈছে শিৱ। শিৱৰাত্ৰিও উদ্‌যাপন কৰে, কিন্তু ইয়াৰ বিষয়ে কোনেও নাজানে। নিশ্চয় শিৱ আহিছিল সেইকাৰণে ৰাত্ৰি পালন কৰে। শিৱ কোন - এয়াও নাজানে। পিতাই কয় - ভগৱানতো সকলোৰে এজনেই। সকলো আত্মা ভাই ভাই। আত্মাসকলৰ পিতা এজনেই পৰমপিতা পৰমাত্মা, তেওঁকে জ্ঞানৰ সাগৰ বুলি কোৱা হ’ব। দেৱতাসকলৰ এই জ্ঞান নাই। কি জ্ঞান? ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান কোনো মনুষ্য মাত্ৰৰে নাই। এনেকৈ কয়ো যে প্ৰাচীন ঋষি-মুনিসকলেও নাজানিছিল। ‘প্ৰাচীন’ শব্দটিৰ অৰ্থও নাজানে। সত্যযুগ-ত্ৰেতা হৈ গ’ল প্ৰাচীন। সত্যযুগ হৈছে নতুন সৃষ্টি। তাততো ঋষি-মুনি নাছিলেই। এই ঋষি-মুনি আদি সকলো পাছত আহিছে। তেওঁলোকেও এই জ্ঞান নাজানে, “নাজানো নাজানো” বুলি কৈ দিয়ে। তেওঁলোকেই যদি নাজানে তেন্তে ভাৰতবাসী যি তমোগুণী হৈ গ’ল, তেওঁলোকে কেনেকৈ জানিব পাৰিব?

এই সময়ত বিজ্ঞানৰ অহংকাৰো কিমান। এনেকৈ ভাবে যে এই বিজ্ঞানৰ দ্বাৰা ভাৰত স্বৰ্গ হৈ গ’ল। ইয়াক মায়াৰ পাম্প বুলি কোৱা হয়। “পম্পেইৰ পতন” বুলি এখন নাটকো আছে। এনেকৈ কয়ো যে এই সময়ত ভাৰতৰ পতন হয়। সত্যযুগত উত্থান, এতিয়া পতন। এয়া জানো স্বৰ্গ। এয়াতো হ’ল মায়াৰ পাম্প, ইয়াৰ অন্ত হ’বই। মনুষ্যই ভাবে - বিমান আছে, ডাঙৰ ডাঙৰ মহল, বিজুলী বাতি আছে - এইখনেই স্বৰ্গ। কোনোবা মৰিলে কয় স্বৰ্গবাসী হ’ল। ইয়াৰ পৰাও বুজি নাপায় যে স্বৰ্গলৈ গ’ল মানে নিশ্চয় স্বৰ্গ আন ক'ৰবাত আছে। এয়া হ’ল ৰাৱণৰ পাম্প, বেহদৰ পিতাই স্বৰ্গ স্থাপনা কৰি আছে। এয়া হৈছে মায়া আৰু ঈশ্বৰৰ, আসুৰি সৃষ্টি আৰু ঈশ্বৰীয় সৃষ্টিৰ যুদ্ধৰ সময়। এইটোও ভাৰতবাসীক বুজাব লাগে। এতিয়া বহুত দুখ হ’বলগীয়া আছে। অপাৰ দুখ হ’ব। স্বৰ্গতো হয় সত্যযুগত। কলিযুগত হ'ব নোৱাৰে। পুৰুষোত্তম সংগমযুগ কাক কোৱা হয় এয়াও কোনেও নাজানে। এয়াও পিতাই বুজাইছে যে জ্ঞান হ’ল দিন, ভক্তি হ’ল ৰাতি। আন্ধাৰত হাবাথুৰি খাই থাকে। ভগৱানক পাবলৈ কিমান বেদ-শাস্ত্ৰ আদি পঢ়ে। ব্ৰহ্মাৰ দিন আৰু ৰাতি মানে ব্ৰাহ্মণসকলৰ দিন আৰু ৰাতি। তোমালোক হ’লা সঁচা মুখ বংশাৱলী ব্ৰাহ্মণ, তেওঁলোক হ’ল কলিযুগী কোষ বংশাৱলী ব্ৰাহ্মণ। তোমালোক হ’লা পুৰুষোত্তম সংগমযুগী ব্ৰাহ্মণ। এই কথাবোৰ অন্য কোনেও নাজানে। এই কথাবোৰ যেতিয়া বুজিব তেতিয়া বুদ্ধিত উদয় হ’ব যে আমি কি কৰি আছোঁ। ভাৰত সতোপ্ৰধান আছিল, যাক স্বৰ্গ বুলি কোৱা হয়। তেনেহ’লে নিশ্চয় এইখন নৰক, সেই কাৰণেতো নৰকৰ পৰা স্বৰ্গলৈ যায়। তাত শান্তিও আছে, সুখো আছে। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য নহয় জানো। তোমালোকে বুজাব পাৰা - মনুষ্যৰ বৃদ্ধি কেনেকৈ কম হ'ব পাৰে? অশান্তি কেনেকৈ কম হ'ব পাৰে? পুৰণি সৃষ্টি কলিযুগত অশান্তি আছেই। নতুন সৃষ্টিতহে শান্তি হয়। স্বৰ্গত শান্তি আছে নহয় জানো। তাকে আদি সনাতন দেৱী-দেৱতা ধৰ্ম বুলি কোৱা হয়। হিন্দু ধৰ্ম হ’ল এতিয়াৰ, ইয়াক আদি সনাতন ধৰ্ম বুলি ক'ব নোৱাৰি। এয়াতো হিন্দুস্থানৰ নাম অনুসৰি হিন্দু বুলি কয়। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। তাত সম্পূৰ্ণ পৱিত্ৰতা, সুখ, শান্তি, স্বাস্থ্য, সম্পদ আদি সকলো আছিল। এতিয়া মিনতি কৰে - আমি পতিত, হে পতিত-পাৱন আহক। এতিয়া প্ৰশ্ন হ’ল পতিত-পাৱন কোন? শ্ৰীকৃষ্ণকতো ক’ব নোৱাৰি। পতিত-পাৱন পৰমপিতা পৰমাত্মাহে জ্ঞানৰ সাগৰ। তেৱেঁই আহি পঢ়ায়। জ্ঞানক অধ্যয়ন বুলি কোৱা হয়। সকলো ‘গীতা’ৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া তোমালোকে প্ৰদৰ্শনী, সংগ্ৰাহালয় আদি খোলা কিন্তু এতিয়ালৈকে বি.কে.ৰ অৰ্থ বুজি নাপায়, কিবা নতুন ধৰ্ম বুলি ভাবে। শুনে, একো বুজি নাপায়। পিতাই কৈছে একেবাৰে তমোপ্ৰধান পাথৰ বুদ্ধিৰ হৈ গৈছে। এতিয়া বিজ্ঞান অভিমানী বহুত হৈ গৈছে, বিজ্ঞানৰ দ্বাৰাই নিজৰ বিনাশ কৰি লয়, তেন্তে পাথৰ বুদ্ধিৰ বুলিয়েই ক’ব লাগিব নহয়। পাৰস বুদ্ধিৰ বুলি জানো কোৱা হ’ব। বোমা আদি তৈয়াৰ কৰে নিজৰেই বিনাশৰ কাৰণে। এনেকুৱা নহয়, শঙ্কৰে বিনাশ কৰায়। নহয়, এওঁলোকে নিজেই বিনাশৰ কাৰণে সকলো তৈয়াৰ কৰিছে। কিন্তু তমোপ্ৰধান পাথৰ বুদ্ধিৰ হোৱাৰ কাৰণে বুজি নাপায়, যিবিলাক তৈয়াৰ কৰে সেয়া এই পুৰণা সৃষ্টি বিনাশৰ কাৰণে। বিনাশ হ'লেহে আকৌ নতুন সৃষ্টিৰ জয়জয়কাৰ হ’ব। তেওঁলোকে ভাবে স্ত্ৰীসকলৰ দুখ কেনেকৈ দূৰ কৰা যায়? কিন্তু মনুষ্যই জানো কাৰোবাৰ দুখ দূৰ কৰিব পাৰে। দুখ-হৰ্তা সুখ-কৰ্তা একমাত্ৰ পিতাহে হয়। দেৱতাসকলকো কোৱা নহয়। শ্ৰীকৃষ্ণও হৈছে দেৱতা। ভগৱান বুলি ক’ব নোৱাৰি। এইটোও বুজি নাপায়। যিসকলে বুজিছে তেওঁলোক ব্ৰাহ্মণ হৈ আনকো বুজাই থাকে। যিসকল ৰাজ্য পদধাৰী বা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ তেওঁলোক ওলাই আহে। লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক কেনেকৈ হ’ল, কি কাম কৰিলে যে বিশ্বৰ মালিক হ’ল? এই সময়ত কলিযুগৰ অন্তত অনেক ধৰ্ম আছে সেয়েহে অশান্তি হয়। নতুন সৃষ্টিত এনেকুৱা নহয়। এতিয়া এয়া হ’ল সংগমযুগ, যেতিয়া পিতা আহি ৰাজযোগ শিকায়। পিতাইহে কৰ্ম-অকৰ্ম-বিকৰ্মৰ জ্ঞান শুনায়। আত্মাই শৰীৰ ধাৰণ কৰি কৰ্ম কৰিবলৈ আহে। সত্যযুগত যি কৰ্ম কৰে সেয়া অকৰ্ম হৈ যায়। তাত বিকৰ্ম নহয়। দুখ নহয়। কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি অন্তত পিতা আহি শুনায়। মই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত বহুত জন্মৰ অন্তৰো অন্তত আহোঁ। এই ৰথত প্ৰৱেশ কৰোঁ। অকালমূৰ্ত আত্মাৰ এয়া হৈছে ৰথ। মাত্ৰ অকল অমৃতসৰতেই নহয়, সকলো মনুষ্যৰ অকাল আসন আছে। আত্মা হ’ল অকালমূৰ্ত। এই শৰীৰে কথা কয়, লৰচৰ কৰে। অকাল আত্মাৰ এয়া চৈতন্য আসন। অকালমূৰ্ত সকলো হয় বাকী এই শৰীৰক কালে খায়। আত্মা হ’ল অকাল, আসন শেষ হৈ যায়। সত্যযুগত আসন (শৰীৰ) বহুত নাথাকে। এই সময়ত কোটি কোটি আত্মাৰ আসন আছে। আত্মাক অকাল বুলি কোৱা কয়। আত্মাহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হয়। মইতো সৰ্বদা সতোপ্ৰধান পৱিত্ৰ। যদিও প্ৰাচীন ভাৰতৰ যোগ বুলি কয় কিন্তু তেওঁলোকে ভাবে যে সেয়া শ্ৰীকৃষ্ণইহে শিকাইছিল। ‘গীতা’খনকে খণ্ডন কৰি দিলে। জীৱন কাহিনীত নাম সলাই দিলে। পিতাৰ সলনি পুত্ৰৰ নাম দি দিলে। শিৱৰাত্ৰি পালন কৰে কিন্তু তেওঁ কেনেকৈ আহে সেইটো নজানে। শিৱ হয়েই পৰম আত্মা। তেওঁৰ মহিমা একেবাৰে বেলেগ। আত্মাসকলৰ মহিমাও বেলেগ। সন্তানসকলে এইটো জানে যে ৰাধা-কৃষ্ণই হৈছে লক্ষ্মী-নাৰায়ণ। লক্ষ্মী-নাৰায়ণৰ যুগল ৰূপকে বিষ্ণু বুলি কোৱা হয়। পাৰ্থক্যতো একো নাই। বাকী 4 খন হাত থকা, 8 খন হাত থকা কোনো মনুষ্য নাথাকে। দেৱীসকলক কিমান হাত দি দিছে। বুজাবলৈ সময় লাগে।

পিতাই কয় - মই হয়েই গৰিবৰ ত্ৰাণকৰ্তা। তেতিয়াই আহোঁ যেতিয়া ভাৰত গৰিব হৈ যায়। ৰাহুৰ গ্ৰহণ লাগি যায়। বৃহস্পতিৰ দশা চলিছিল, এতিয়া ৰাহুৰ গ্ৰহণ ভাৰততেই নহয় গোটেই বিশ্বতে, সেইকাৰণে পিতা আকৌ ভাৰতলৈ আহে, আহি নতুন সৃষ্টি স্থাপনা কৰে, যাক স্বৰ্গ বুলি কোৱা হয়। ভগৱানুবাচ – মই তোমালোকক ৰজাৰো ৰজা, দ্বৈত মুকুটধাৰী স্বৰ্গৰ মালিক কৰি তোলোঁ। পাঁচ হাজাৰ বছৰ হ’ল তেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। এতিয়া সেয়া নাই। তমোপ্ৰধান হৈ গ’ল। পিতাই নিজেই নিজৰ অৰ্থাৎ ৰচয়িতা আৰু ৰচনাৰ পৰিচয় দিছে। তোমালোকৰ ওচৰলৈ প্ৰদৰ্শনী, সংগ্ৰাহালয়লৈ ইমান আহে, কিন্তু বুজি পায় জানো। বহুতৰ মাজত কোনোবাইহে বুজি সপ্তাহিক পাঠ্যক্ৰম কৰে। ৰচয়িতা আৰু ৰচনাক জানে। ৰচয়িতা হ’ল বেহদৰ পিতা। তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। এই জ্ঞান পিতাইহে দিয়ে। ৰাজ্য পোৱাৰ পাছত তাত জ্ঞানৰ দৰকাৰ নাথাকে। নতুন সৃষ্টি স্বৰ্গক সৎগতি বুলি কোৱা হয়, পুৰণি সৃষ্টি নৰকক দূৰ্গতি বুলি কোৱা হয়। পিতাই বহুত ভালকৈ বুজায়। সন্তানসকলেও এনেকৈ বুজাব লাগে। লক্ষ্মী-নৰায়ণৰ চিত্ৰ দেখুৱাব লাগে। এয়া বিশ্বত শান্তি স্থাপনা হৈ আছে। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আধাৰ নাই যিটো পিতাই স্থাপনা কৰি আছে। দেৱতাসকলৰ পৱিত্ৰ ধৰ্ম, পৱিত্ৰ কৰ্ম আছিল। এতিয়া এইখন হয়েই বিকাৰী সৃষ্টি। নতুন সৃষ্টিক কোৱা হয় নিৰ্বিকাৰী সৃষ্টি, শিৱালয়। এতিয়া বুজাব লাগে যাতে বেচেৰাহঁতৰো কিবা কল্যাণ হয়। পিতাকেই কল্যণকাৰী বুলি কোৱা হয়। তেওঁ আহেই পুৰুষোত্তম সংগমযুগত। কল্যাণকাৰী যুগত কল্যাণকাৰী পিতা আহি সকলোৰে কল্যাণ কৰে। পুৰণি সৃষ্টিৰ পৰিৱৰ্তন কৰি নতুন সৃষ্টি স্থাপনা কৰে। জ্ঞানৰ দ্বাৰা সৎগতি হয়। ইয়াৰ ওপৰত সদায় সময় উলিয়াই বুজাব পাৰা। ক'বা, ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ কথা আমিহে জানো। এয়া ‘গীতা’ৰ আখ্যান চলি আছে য’ত ভগৱান আহি ৰাজযোগ শিকাইছে। দ্বৈত মুকুটধাৰী কৰি তুলিছে। এই লক্ষ্মী-নাৰায়ণো ৰাজযোগৰ দ্বাৰা এনেকুৱা হৈছে। এই পুৰুষোত্তম সংগমযুগত পিতাৰ পৰা ৰাজযোগ শিকে। পিতাই সকলো কথা কিমান সৰলকৈ বুজায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰাজযোগৰ পাঠ পঢ়া – এয়া হ’ল উপাৰ্জনৰ উৎস কিয়নো ইয়াৰ দ্বাৰাহে আমি ৰজাৰো ৰজা হওঁ। এই আত্মিক পঢ়া নিতৌ পঢ়িব লাগে আৰু আনকো পঢ়াব লাগে।

(2) সদায় যাতে এইটো নিচা থাকে যে আমি ব্ৰাহ্মণসকল সঁচা মুখ-বংশাৱলী, আমি কলিযুগৰ ৰাত্ৰিৰ পৰা ওলাই দিনত আহিছোঁ, এয়া হ’ল কল্যাণকাৰী পুৰুষোত্তম যুগ, ইয়াত নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে।

বৰদান:
প্ৰতিটো শ্ৰেষ্ঠ সংকল্প কৰ্মত ৰূপায়িত কৰোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা

মাষ্টৰ সৰ্ব শক্তিমান অৰ্থাৎ সংকল্প আৰু কৰ্ম দুয়োটা সমান। যদিহে সংকল্প বহুত শ্ৰেষ্ঠ আৰু কৰ্ম সংকল্প অনুসৰি নহয় তেন্তে মাষ্টৰ সৰ্বশক্তিমান বুলি কোৱা নহ’ব। গতিকে পৰীক্ষা কৰা যি শ্ৰেষ্ঠ সংকল্প কৰা সেয়া কৰ্মত ৰূপায়িত হয় নে নহয়। মাষ্টৰ সৰ্ব শক্তিমানৰ চিন হৈছে যিটো শক্তি যি সময়ত আৱশ্যক সেইটো শক্তি সেই সময়ত কাৰ্যত ব্যৱহাৰ হয়। স্থূল আৰু সূক্ষ্ম শক্তিসমূহ ইমানেই নিয়ন্ত্ৰণত থাকিব লাগে যাতে যিটো শক্তি যেতিয়া আৱশ্যক সেয়া কামত ব্যৱহাৰ কৰিব পাৰা।

স্লোগান:
জ্ঞান স্বৰূপ আত্মা সন্তানসকলৰ যদি ক্ৰোধ থাকে তেন্তে তাৰ দ্বাৰা পিতাৰ গ্লানি হয়।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

বাপদাদাই সদায় শ্ৰীমত দিয়ে যে মনত সকলো আত্মাৰ প্ৰতি শুভ-ভাৱনা আৰু শুভ-কামনা ৰাখা – অপকাৰীৰ প্ৰতিও উপকাৰী বৃত্তি ৰাখা, সংকল্প সদায় সকলোৰে প্ৰতি শ্ৰেষ্ঠ হওঁক, নিঃস্বাৰ্থ হওঁক, সদায় দাতাবোধৰ ভাৱনা থাকক। সদায় স্ব-পৰিৱৰ্তন অথবা নিজৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা আনক শ্ৰেষ্ঠ কৰ্মৰ বাবে প্ৰেৰণা দিওঁতা কৰ্ম হওঁক তেতিয়া পৰোপকাৰী বুলি কোৱা হ’ব।