30.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক আনন্দিত হোৱা উচিত যে দুখ হৰণ কৰোঁতা বাবাই আমাক সুখধামলৈ লৈ যাব আহিছে, আমি স্বৰ্গৰ ৰাজকুমাৰ-ৰাজকুমাৰী হ’মগৈ”

প্ৰশ্ন:
সন্তানসকলৰ কোনটো স্থিতি দেখি পিতাৰ চিন্তা নহয় – কিয়?

উত্তৰ:
কোনো কোনো সন্তান অতি উত্তম সুবাসিত ফুল, কাৰোবাৰ আকৌ অলপো সুবাস নাই। কাৰোবাৰ অৱস্থা বহুত ভাল হৈ থাকে, কোনোবা মায়াৰ ধুমুহাত পৰাজিত হৈ যায়, এই সকলোবোৰ দেখিও পিতাৰ চিন্তা নহয় কিয়নো পিতাই জানে যে এয়া সত্যযুগৰ ৰাজধানী স্থাপনা হৈ আছে। তথাপি পিতাই শিক্ষা দিয়ে - সন্তানসকল, যিমান সম্ভৱ স্মৃতিত থাকা। মায়াৰ ধুমুহালৈ ভয় নকৰিবা।

ওঁম্শান্তি।
অতিকৈ মৰমিয়াল বেহদৰ পিতাই মৰমৰ সন্তানসকলক বহি বুজায়। এয়াতো বুজি পোৱা নহয় যে পিতা অতিকৈ মৰমিয়াল। আকৌ শিক্ষা দিওঁতা শিক্ষকো অতি মৰমিয়াল। তোমালোক যেতিয়া ইয়াত বহা এইটো স্মৃতিত থকা উচিত যে বাবা অতিকৈ মৰমিয়াল, তেওঁৰ পৰা স্বর্গৰ উত্তৰাধিকাৰ পোৱা যায়। ইয়াত বেশ্যালয়ত বহি আছা। কিমান মৰমিয়াল পিতা। সেই আনন্দ অন্তৰত থকা উচিত। পিতা হৈছে আমাক আধাকল্পৰ বাবে সুখধামলৈ লৈ যাওঁতা। দুখ হৰণ কৰোঁতা। এফালেতো এনেকুৱা পিতা, আকৌ বাবা শিক্ষকো হয়। আমাক গোটেই সৃষ্টি চক্ৰৰ ৰহস্য বুজায়, যিটো আৰু অন্য কোনেও বুজাব নোৱাৰে। এই চক্ৰ কেনেকৈ ঘূৰে, 84 জন্ম কেনেকৈ পাৰ হয় - এয়া সকলো এটা টিলিকিতে বুজাই দিয়ে। আকৌ লগত লৈও যাব। ইয়াততো থাকিব নালাগে। সকলো আত্মাক লগত লৈ যাব। বাকী কেইটামান দিন আছে। কোৱাও হয় বহুত গ'ল অলপ বাকী আছে….। অলপ সময়হে বাকী আছে সেই কাৰণে শীঘ্ৰতাৰে মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপৰ বোজা যি জমা হৈ আছে, সেয়া আঁতৰ হ’ব। মায়াৰ যুদ্ধ চলি থাকে, তোমালোকে মোক স্মৰণ কৰিলে, মায়াই স্মৰণ কৰাৰ পৰা আঁতৰাই দিব, এয়াও বাবাই শুনাই দিয়ে, সেই কাৰণে কেতিয়াও চিন্তা নকৰিবা। যিমানেই সংকল্প, বিকল্প, ধুমুহা নাহক, গোটেই ৰাতি সংকল্পৰ বাবে টোপনি নাহিলেও ভয় নকৰিবা। বাহাদুৰ হৈ থাকিবা। বাবাই কৈ দিয়ে - এয়া নিশ্চয় আহিব। স্বপ্নও আহিব, এই সকলো কথাত ভয় কৰিব নালাগে। যুদ্ধক্ষেত্ৰ নহয় জানো। এয়া সকলো বিনাশ হৈ যাব। তোমালোকে যুদ্ধ কৰা মায়াৰ ওপৰত জয়ী হ’বলৈ, বাকী ইয়াত কোনো শ্বাস-প্ৰশ্বাস বন্ধ কৰিব নালাগে। আত্মা যেতিয়া শৰীৰত থাকে তেতিয়া শ্বাস-প্ৰশ্বাস চলি থাকে। ইয়াত শ্বাস-প্ৰশ্বাস আদি বন্ধ কৰাৰ কোনো চেষ্টা কৰিব নালাগে। হঠযোগ আদিত কিমান কষ্ট কৰে। বাবাৰ অনুভৱ আছে। অলপ অলপ শিকিছিল, কিন্তু আজৰিও লাগিব নহয়। যেনেকৈ আজিকালি তোমালোকক কয় যে জ্ঞানতো ভাল কিন্তু আজৰি ক’ত, ইমান কাৰখানা আছে, এয়া আছে…। তোমালোকক পিতাই কয় - মৰমৰ সন্তানসকল, এফালে পিতাক স্মৰণ কৰা আৰু আনফালে চক্ৰক স্মৰণ কৰা, বচ্‌। এইটো জানো কঠিন?

সত্যযুগ-ত্ৰেতাত এওঁলোকৰ ৰাজ্য আছিল, তাৰপাছত ইছলামী, বৌদ্ধি আদিৰ বৃদ্ধি হৈ গ’ল। তেওঁলোকে নিজৰ ধৰ্মক পাহৰি গ’ল। নিজক দেৱী-দেৱতা বুলি ক’ব নোৱাৰে কিয়নো অপৱিত্ৰ হৈ গ’ল। দেৱতাসকলতো পৱিত্ৰ আছিল। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তেওঁলোকে আকৌ হিন্দু বুলি ক’বলৈ আৰম্ভ কৰি দিয়ে। বাস্তৱত হিন্দু ধৰ্মতো নাই। হিন্দুস্থান নাম পাছত দিয়া হৈছে। আচল নাম হৈছে ভাৰত। এনেকৈ কোৱা হয় - ভাৰত মাতাসকলৰ জয়। হিন্দুস্থানৰ মাতাসকলৰ বুলি জানো কয়। ভাৰততে এই দেৱতাসকলৰ ৰাজ্য আছিল। ভাৰতৰে মহিমা গায়। গতিকে পিতাই সন্তানসকলক শিকাই আছে, পিতাক কেনেকৈ স্মৰণ কৰিব লাগে। পিতা আহিছেই ঘৰলৈ লৈ যাবলৈ। কাক? আত্মাসকলক। তোমালোকে যিমানে পিতাক স্মৰণ কৰা, সিমানে তোমালোক পৱিত্ৰ হোৱা। পৱিত্ৰ হৈ গ’লে তেতিয়া শাস্তিও খাবলগীয়া নহ’ব। যদি শাস্তি খাবলগীয়া হয় তেন্তে পদ কম হৈ যাব সেই কাৰণে যিমানে স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হৈ থাকিব। বহুত সন্তান আছে যিয়ে স্মৰণ কৰিব নোৱাৰে। বিৰক্ত হৈ এৰি দিয়ে, যুদ্ধই নকৰে। এনেকুৱাও আছে। বুজি পোৱা যায় যে ৰাজধানী স্থাপনা হ’ব লাগে। অনুত্তীৰ্ণও বহুত হ’ব। গৰিব প্ৰজাও লাগে নহয়। যদিও তাত দুখ নাথাকে, কিন্তু চহকী আৰু গৰিবতো যি কোনো পৰিস্থিতিতে থাকিব। এয়া হৈছে কলিযুগ, ইয়াত চহকী বা গৰিব দুয়োৱে দুখ ভোগে। তাত দুয়ো সুখত থাকে। কিন্তু গৰিব আৰু চহকীৰ অনুভূতি থাকিব। দুখৰ নাম নাথাকিব। বাকী ক্ৰমানুসৰিতো হয়েই। কোনো ৰোগ নহয়, আয়ুসো বহুত দীঘলীয়া হয়। এই দুখধামক পাহৰি যায়। সত্যযুগত তোমালোকৰ দুখৰ স্মৃতিয়ে নাথাকিব। দুখধাম আৰু সুখধামৰ স্মৃতি এতিয়া পিতাই সোঁৱৰাই দিয়ে। মনুষ্যই কয় - স্বৰ্গ আছিল কিন্তু কেতিয়া আছিল, কেনেকুৱা আছিল? একো নাজানে। লাখ লাখ বছৰৰ কথাটো কাৰো স্মৃতিত আহিব নোৱাৰে। পিতাই কয় - কালি তোমালোকৰ সুখ আছিল, কাইলৈ আকৌ হ'ব। গতিকে ইয়াত বহি ফুলবোৰক চায়। এওঁ ভাল ফুল, এওঁ এনেধৰণৰ পৰিশ্ৰম কৰে। এওঁৰ স্থিৰতা নাই, এওঁ পাথৰ বুদ্ধিৰ। পিতাৰ কোনো কথাৰ চিন্তা নাথাকে। অৱশ্যে হয়, বুজি পায় যে সন্তানসকল সোনকালে পঢ়ি চহকী হৈ যাওঁক, পঢ়ুৱাবও লাগে। সন্তানতো হ'লা কিন্তু শীঘ্ৰতাৰে পঢ়ি বুদ্ধিমান হোৱা আৰু সেয়াও কিমানলৈকে পঢ়ে আৰু পঢ়ায়, কেনেকুৱা ফুল - এয়া পিতাই বহি প্ৰত্যক্ষ কৰে কিয়নো এয়া হৈছে চৈতন্য ফুলৰ বাগিচা। ফুলবোৰ দেখিলেও কিমান আনন্দিত হোৱা যায়। সন্তানসকলে নিজেও বুজি পায় যে বাবাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। পিতাক স্মৰণ কৰি থাকিলে তেতিয়া পাপ খণ্ডন হৈ গৈ থাকিব। নহ'লে শাস্তি খাই পাছত পদ পাব। তাক কোৱা হয় – শাস্তি খোৱাৰ পাছত ৰুটি। পিতাক এনেকৈ স্মৰণ কৰা যাতে জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যায়। চক্ৰক জানিবও লাগে। চক্ৰ ঘূৰি থাকে, কেতিয়াও স্তব্ধ নহয়। ওকনি সদৃশ (ধীৰ গতিৰে) চলি থাকে, ওকনি সকলোতকৈ ধীৰ গতিৰে যায়। এই বেহদৰ ড্ৰামাও বহুত ধীৰ গতিৰে চলে। টিক্ টিক্ কৈ চলি থাকে। 5 হাজাৰ বছৰত চেকেণ্ড, মিনিট কিমান হয়, সেই হিচাপো সন্তানসকলে উলিয়াই পঠাইছিল। লাখ লাখ বছৰৰ কথা হ’লে কোনেও হিচাপ উলিয়াব নোৱাৰে। ইয়াত পিতা আৰু সন্তানসকল বহি আছে। পিতাই এজন এজনক বহি প্ৰত্যক্ষ কৰে - এওঁ বাবাক কিমান স্মৰণ কৰে, কিমান জ্ঞান ধাৰণ কৰিছে, অন্যক কিমান বুজায়। হওঁতে বহুত সহজ, কেৱল পিতাৰ পৰিচয় দিয়া। বেজতো সন্তানসকলৰ লগত আছেই। কোৱা, এওঁ হৈছে শিৱবাবা। কাশীলৈ গ’লেও শিৱবাবা শিৱবাবা বুলি স্মৰণ কৰে, চিঞৰি থাকে। তোমালোক হৈছা শালগ্ৰাম। আত্মা একেবাৰে সৰু তৰা, তাত কিমান ভূমিকা নিহিত হৈ আছে। আত্মা সৰু-ডাঙৰ নহয়, বিনাশ নহয়। আত্মাতো হৈছে অবিনাশী, তাত ড্ৰামাৰ ভূমিকা নিহিত হৈ আছে। হীৰা সকলোতকৈ মজবুত, তাৰ দৰে কঠিন পাথৰ একো নাই। সোণাৰীসকলে জানে। আত্মাৰ কথা বিচাৰ কৰা, কিমান সূক্ষ্ম, তাত কিমান ভূমিকা নিহিত হৈ আছে! যি কেতিয়াও মচ নাখায়। এইখন সৃষ্টিত অন্য কোনো আত্মা নাই, এনেকুৱা কোনো মনুষ্য নাই যাক আমি পিতা, শিক্ষক, সৎগুৰু বুলি ক’ম। এওঁ এজনেই বেহদৰ পিতা, শিক্ষক সকলোকে শিক্ষা দিয়ে, মনমনাভৱ। তোমালোককো কয় যে যি ধৰ্মৰ লোককে লগ পোৱা, তেওঁলোকক কোৱা আল্লাক স্মৰণ কৰে নহয়। আত্মা সকলো ভাই ভাই। এতিয়া পিতাই শিক্ষা দিয়ে যে মামেকম্ স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। পিতাহে পতিত-পাৱন। এয়া কোনে ক'লে? আত্মাই। মনুষ্যই যদিও গায় কিন্তু অৰ্থ বুজি নাপায়।

পিতাই কয় - তোমালোক সকলো সীতা। মই হৈছোঁ ৰাম। সকলো ভক্তৰ সৎগতি দাতা হৈছোঁ মই। সকলোৰে সৎগতি কৰি দিয়ে। বাকী সকলো মুক্তিধামলৈ গুচি যায়। সত্যযুগত অন্য কোনো ধৰ্ম নাথাকে, কেৱল আমিয়েই থাকোঁ কিয়নো আমিয়েই পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। ইয়াততো চোৱা কিমান অনেক মন্দিৰ আছে। কিমান বিশাল সৃষ্টি, কি কি বস্তু আছে। তাততো এইবোৰ একোৱে নাথাকিব। কেৱল ভাৰতেই থাকিব। এই ৰেল আদিও নাথাকিব। এয়া সকলো নাশ হৈ যাব। তাত ৰেলৰ দৰকাৰেই নাই। সৰু নগৰ হ’ব। ৰেলতো দূৰ-দূৰণিৰ গাঁও আদিলৈ যাবৰ কাৰণে লাগে। বাবাই সজীৱ কৰাই আছে, ভিন্ন ভিন্ন সাৰ কথা সন্তানসকলৰ বাবে বুজাই থাকে। ইয়াত বহি আছা, বুদ্ধিত গোটেই জ্ঞান আছে। যেনেকৈ পৰমপিতা পৰমাত্মাত সমস্ত জ্ঞান ভৰপূৰ হৈ আছে, যি তোমালোকক বুজাই থাকে। উচ্চতকৈও উচ্চ শান্তিধামত নিবাস কৰোঁতা শান্তিৰ সাগৰ হৈছে পিতা। আমি আত্মাসকলো সেইখন মৰমৰ ঘৰৰে নিবাসী। শান্তিৰ কাৰণে মনুষ্যই কিমান মগজ খটুৱাই থাকে। সাধু লোকসকলেও কয় - মনৰ শান্তি কেনেকৈ পোৱা যাব। কি কি যুক্তি ৰচনা কৰে। গায়ন কৰা হয় – আত্মাতো হৈছে মন বুদ্ধিৰ সহিত, আত্মাৰ স্বধৰ্মই হৈছে শান্তি। মুখেই নাই, কৰ্মেন্দ্ৰিয়ই নাই তেন্তে নিশ্চয় শান্তই হ’ব। আমাৰ অৰ্থাৎ আত্মাসকলৰ নিবাস স্থান হৈছে মৰমৰ ঘৰ, য’ত একেবাৰে শান্তি বিৰাজ কৰি থাকে। পুনৰ তাৰ পৰা আমি প্ৰথমে সুখধামলৈ আহোঁ। এতিয়াতো এই দুখধামৰ পৰা সুখধামলৈ স্থানান্তৰ হওঁ। পিতাই পৱিত্ৰ কৰি আছে। কিমান বিশাল সৃষ্টি। ইমান জংঘল আদি তাত নাথাকিব। ইমান পাহাৰ আদি একোৱেই নাথাকিব। আমাৰ ৰাজধানী হ’ব। যেনেকৈ স্বৰ্গৰ সৰু আৰ্হি তৈয়াৰ কৰা হয় তেনেকুৱা সৰু স্বৰ্গ হ’ব। কি হ’বগৈ। চমৎকাৰ চোৱা! কিমান বিশাল সৃষ্টি, ইয়াততো সকলোৱে পৰস্পৰ কাজিয়া কৰি থাকে। আকৌ এই গোটেই সৃষ্টিখনেই নাশ হৈ যাব, বাকী আমাৰ ৰাজ্য থাকিব। এই সকলোবোৰ নাশ হোৱাৰ পাছত এইবোৰ ক’লৈ যাব। সমুদ্ৰ আৰু মাটিৰ তলত গুচি যাব। ইয়াৰ নাম-চিহ্নই নাথাকিব। সমুদ্ৰৰ তলত যিবোৰ বস্তু গুচি যায়, সেয়া পানীৰ তলতে নাশ হৈ যায়। সাগৰে গিলি পেলায়। তত্ব তত্বত, মাটি মাটিত মিলি যায়। আকৌ সৃষ্টিখনেই সতোপ্ৰধান হৈ যায়, সেই সময়ত কোৱা হয় - নতুন সতোপ্ৰধান প্ৰকৃতি। তাত তোমালোকৰ স্বাভাৱিক সৌন্দৰ্য থাকে। লিপিস্তিক আদি একোৱেই নলগায়। গতিকে তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা উচিত। তোমালোক স্বৰ্গৰ ৰাজকুমাৰ-ৰাজকুমাৰী হোৱাগৈ।

জ্ঞান স্নান নকৰিলে তোমালোক দেৱতা নোহোৱা। আন কোনো উপায় নাই। পিতাতো হৈছে সৰ্বদা সুন্দৰ, তোমালোক আত্মাসকল ক’লা বৰণীয়া হৈ গ’লা। প্ৰেমিকতো বহুত সুন্দৰ পথিক যিয়ে আহি তোমালোকক সুন্দৰ কৰি তোলে। পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। মইতো কেতিয়াও ক’লা বৰণীয়া নহওঁ। তোমালোক ক’লা বৰণীয়াৰ পৰা সুন্দৰ হোৱা। সৰ্বদা সুন্দৰতো এজনেই পথিক। এই বাবা (ব্ৰহ্মা) ক’লা বৰণীয়া আৰু সুন্দৰ হয়। তোমালোক সকলোকে সুন্দৰ কৰি লগত লৈ যায়। তোমালোক সন্তানসকল সুন্দৰ হৈ আকৌ সকলোকে সুন্দৰ কৰি তুলিব লাগে। পিতাতো শ্যাম-সুন্দৰ নহয়েই। ‘গীতা’ত ভুল কৰি দিছে, পিতাৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিলে, ইয়াকে একমাত্ৰ ভুল বুলি কোৱা হয়। সমগ্ৰ বিশ্বক সুন্দৰ কৰি তোলোঁতা শিৱবাবা তেওঁৰ সলনি যিজন স্বৰ্গৰ প্ৰথম নম্বৰত সুন্দৰ হয়গৈ, তেওঁৰ নাম দি দিলে, এয়া জানো কোনোবাই বুজি পায়। ভাৰত আকৌ সুন্দৰ হ’বগৈ। তেওঁলোকেতো ভাবে 40 হাজাৰ বছৰ পাছত স্বৰ্গ হ’ব আৰু তোমালোকে কোৱা গোটেই কল্পই হৈছে 5 হাজাৰ বছৰৰ। গতিকে পিতাই আত্মাসকলৰ লগত কথা পাতে। পিতাই কয় - মই আধাকল্পৰ প্ৰেমিক। তোমালোকে মোক আহ্বান জনাই আহিছা - হে পতিত-পাৱন আহক, আহি আমাক আত্মাসকলক, প্ৰেমিকাসকলক পাৱন কৰি তোলক। গতিকে তেওঁৰ মতত চলিব লাগে। পৰিশ্ৰম কৰিব লাগে। পিতাই এনেকৈ নকয় যে তোমালোকে পেছাগত কাম-কাজ আদি নকৰিবা। নহয়, সেয়া সকলো কৰিব লাগে। গৃহস্থালিত থাকি, সন্তান-সন্ততিৰ তত্ত্বাৱধান লৈ কেৱল নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা কিয়নো মই হৈছোঁ পতিত-পাৱন। ল’ৰা-ছোৱালীৰ তত্ত্বাৱধান অৱশ্যে লোৱা বাকী এতিয়া আৰু ল’ৰা-ছোৱালী জন্ম নিদিবা। নহ’লে সিহঁত স্মৃতিলৈ আহি থাকিব। এই সকলোবোৰ থকা স্বত্তেও সেয়া পাহৰি যাব লাগে। তোমালোকে যি দেখা সেয়া সকলো নাশ হৈ যাব। শৰীৰ শেষ হৈ যাব। পিতাৰ স্মৃতিৰে আত্মা পৱিত্ৰ হৈ গ’লে তেতিয়া শৰীৰো নতুন পাবা। এয়া হৈছে বেহদৰ সন্ন্যাস। পিতাই নতুন ঘৰ সজায়, গতিকে পুৰণি ঘৰৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰি যায়। স্বৰ্গত কি নাথাকিব, অপাৰ সুখ থাকে। স্বৰ্গতো ইয়াতে হয়। দেলৱাড়া মন্দিৰো পূৰা স্মাৰক আছে। তলত তপস্যা কৰি আছে, তেনেহ’লে স্বৰ্গ ক’ত দেখুৱাব? তেওঁলোকে আকৌ ছাদত দেখুৱাই দিলে। তলত ৰাজযোগৰ তপস্যা কৰি আছে, ওপৰত ৰাজ্য পদ। কিমান সুন্দৰ মন্দিৰ। ওপৰত আছে অচলঘৰ, সোণৰ মূৰ্তি আছে। তাৰো ওপৰত আছে গুৰু শিখৰ। গুৰু আটাইতকৈ ওপৰত বহি আছে। উচ্চতকৈও উচ্চ হৈছে সৎগুৰু। আকৌ মাজত স্বৰ্গ দেখুৱাইছে। গতিকে এই দেলৱাড়া মন্দিৰ পূৰা স্মাৰক আছে, ৰাজযোগ তোমালোকে শিকা আকৌ ইয়াতেই স্বৰ্গ হ’ব। দেৱতাসকল ইয়াতে আছিল নহয়। কিন্তু তেওঁলোকৰ কাৰণে পাৱন সৃষ্টি এতিয়া স্থাপনা হৈ আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই দুচকুৰে সকলো দেখিও ইয়াক পাহৰাৰ অভ্যাস কৰিব লাগে। পুৰণি ঘৰ, সৃষ্টিৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই দিব লাগে। নতুন ঘৰক স্মৃতিত ৰাখিব লাগে।

(2) জ্ঞান স্নান কৰি সুন্দৰ ৰাজকুমাৰ-ৰাজকুমাৰী হ’ব লাগে। যেনেকৈ পিতা সুন্দৰ বগা পথিক, তেনেকৈ তেওঁৰ স্মৃতিৰ দ্বাৰা ক’লাৰ (পতিতৰ) পৰা বগা (পাৱন) হ’ব লাগে। মায়াৰ যুদ্ধলৈ ভয় কৰিব নালাগে, বিজয়ী হৈ দেখুৱাব লাগে।

বৰদান:
মহাদানী হৈ উদাৰ অন্তৰেৰে আনন্দ ৰূপী সম্পদ বিলাওঁতা মাষ্টৰ দয়াশীল হোৱা

মনুষ্যই অল্পকালৰ আনন্দ প্ৰাপ্তিৰ বাবে কিমান সময় আৰু ধন খৰচ কৰে তথাপিও সঁচা আনন্দ নাপায়, এনেকৈ আৱশ্যকতাৰ সময়ত তোমালোক আত্মাসকলে মহাদানী হৈ উদাৰ অন্তৰেৰে আনন্দ দান কৰিব লাগে। ইয়াৰ কাৰণে দয়াশীলতাৰ গুণ জাগ্ৰত কৰা। তোমালোকৰ জড়চিত্ৰই বৰদান দি আছে সেয়েহে তোমালোকেও চৈতন্য ৰূপত দয়াশীল হৈ বিলাই যোৱা, কিয়নো আত্মাসকল পৰৰ বশীভূত হৈ আছে। কেতিয়াও এনেকৈ নাভাবিবা যে এওঁতো নুশুনেই, তোমালোক দয়াশীল হৈ দি যোৱা। তোমালোকৰ শুভ-ভাৱনাই তেওঁলোকক ফল অৱশ্যই দিব।

স্লোগান:
যোগৰ শক্তিৰে প্ৰতিটো কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলোৱাজনেই স্বৰাজ্য অধিকাৰী।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

কোনো স্বভাৱ-সংস্কাৰ দেখি যাতে এইটো সংকল্প উদয় নহয় যে নাজানো এওঁ পৰিৱৰ্তন হ’ব নে নহয়। নিৰাশাক সদাকালৰ বাবে আশালৈ পৰিৱৰ্তন কৰি দিয়া। নিশ্চয়তা অটুট থাকিলে বিজয়ো সদায় আছে। নিশ্চয়তাত যেতিয়া ‘কিয়’, ‘কি’ আহি যায় তেতিয়া বিজয় অৰ্থাৎ প্ৰাপ্তিতো কিবা নহয় কিবা কম হৈ যায় সেয়েহে সদায় আশাবাদী, সদায় বিজয়ী হোৱা আৰু বিজয়ী কৰি তোলা।