31.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে নিজৰ সময় নষ্ট কৰিব নালাগে, ভিতৰি জ্ঞান মন্থন কৰি থাকা তেতিয়া নিদ্ৰাজিৎ হৈ যাবা, হামি আদি নাহিব ”

প্ৰশ্ন:
তোমালোক সন্তানসকল পিতাৰ প্ৰতি কিয় উৎসৰ্গিত হৈছা? উৎসৰ্গিত হোৱাৰ অৰ্থ কি?

উত্তৰ:
উৎসৰ্গিত হোৱা অৰ্থাৎ পিতাৰ স্মৃতিত সমাহিত হৈ যোৱা। যেতিয়া স্মৃতিত সমাহিত হৈ যোৱা তেতিয়া আত্মাৰূপী বেটাৰী চাৰ্জ হৈ যায়। আত্মাৰূপী বেটাৰীৰ সংযোগ নিৰাকাৰ পিতাৰ সৈতে স্থাপন হয় তেতিয়া বেটাৰী চাৰ্জ হৈ যায়, বিকৰ্ম বিনাশ হৈ যায়। উপাৰ্জন জমা হৈ যায়।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়, এতিয়া তোমালোক শৰীৰসহিত বহি আছা। এইটো জানা যে মৃত্যুলোকত এয়া অন্তিম শৰীৰ। তাৰপাছত কি হ’ব? আকৌ পিতাৰ লগত শান্তিধামত একত্ৰিত হ’বাগৈ। এই শৰীৰ নাথাকিব পুনৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি স্বৰ্গলৈ আহিবা, সকলোতো একেলগে নাহে। এয়া ৰাজধানী স্থাপনা হৈ আছে। যেনেকৈ পিতা শান্তিৰ সাগৰ, সুখৰ সাগৰ, সন্তানসকলকো তেনেকুৱা শান্তিৰ, সুখৰ সাগৰ কৰি আছে আকৌ গৈ শান্তিধামত বিৰাজমান হ’ব লাগে। সেয়েহে পিতাক, ঘৰক আৰু সুখধামক স্মৰণ কৰিব লাগে। ইয়াত তোমালোকে যিমানে এইটো অৱস্থাত বহা সিমানে তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হয়, ইয়াকে যোগাগ্নি বুলি কোৱা হয়। সন্ন্যাসীসকলে কোনো সৰ্বশক্তিমানৰ লগত যোগসূত্ৰ নগঢ়ে। তেওঁলোকেতো বাস কৰা ঠাই ব্ৰহ্মৰ লগত যোগসূত্ৰ গঢ়ে। তেওঁলোক তত্ব যোগী, ব্ৰহ্ম অথবা তত্বৰ লগত যোগসূত্ৰ গঢ়োঁতা। ইয়াত জীৱ আত্মাসকলৰ খেলা হয়, তাত মৰমৰ ঘৰত কেৱল আত্মাসকল থাকে। সেই মৰমৰ ঘৰলৈ যাবৰ বাবে গোটেই জগতে পুৰুষাৰ্থ কৰে। সন্ন্যাসীসকলেও কয় – আমি ব্ৰহ্মত লীন হৈ যাম। এনেকৈ নকয় যে আমি ব্ৰহ্মত গৈ নিবাস কৰিম। এয়াতো তোমালোক সন্তানসকলে বুজি পাইছা। ভক্তিমাৰ্গত কিমান পৰস্পৰ বিৰোধী কথা শুনি থাকে। ইয়াততো পিতা আহি কেৱল দুটা শব্দ বুজায়। যেনেকৈ মন্ত্ৰ জপে নহয়। কোনোবাই গুৰুক স্মৰণ কৰে, কোনোবাই আন কাৰোবাক স্মৰণ কৰে। বিদ্যাৰ্থীয়ে শিক্ষকক স্মৰণ কৰে। এতিয়া তোমালোক সন্তানসকলৰ কেৱল পিতা আৰু ঘৰহে স্মৃতিত আছে। পিতাৰ পৰা তোমালোকে শান্তিধাম আৰু সুখধামৰ উত্তৰাধিকাৰ লোৱা। তাৰেই স্মৃতি অন্তৰত থাকে। মুখেৰে একো ক’ব নালাগে। বুদ্ধিৰে তোমালোকে জানা শান্তিধামৰ পাছত হৈছে সুখধাম। আমি প্ৰথমতে মুক্তিত তাৰপাছত জীৱনমুক্তিত যাম। মুক্তি-জীৱনমুক্তিদাতা এজনেই পিতা। পিতাই সন্তানসকলক বাৰে বাৰে বুজায় – সময় নষ্ট কৰা উচিত নহয়। জন্ম-জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে। এইটো জন্মৰ পাপ আদিতো স্মৃতিত থাকে। সত্যযুগত এনেকুৱা কথা নাথাকে। ইয়াত সন্তানসকলে জানে জন্ম-জন্মান্তৰৰ পাপৰ বোজা আছে। প্ৰথম নম্বৰত হ’ল কাম বিকাৰৰ বিকৰ্ম, যিটো জন্ম-জন্মান্তৰ কৰি আহিছা আৰু পিতাৰ নিন্দাও বহুত কৰিছা। যিজন পিতাই সকলোকে সৎগতি দিয়ে, তেওঁৰ কিমান নিন্দা কৰিছে, এই সকলোবোৰৰ প্ৰতি ধ্যান দিব লাগে। এতিয়া যিমান সম্ভৱ পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰিব লাগে। বাস্তৱত “বাঃ সৎগুৰু!” বুলি কোৱা হয়, গুৰু বুলিও নকয়। “বাঃ গুৰু!”ৰ কোনো অৰ্থ নাই। “বাঃ সৎগুৰু!” মুক্তি-জীৱনমুক্তি তেৱেঁই দিয়ে নহয়। সেই গুৰুতো অনেক আছে। এয়া হ’ল এজন সৎগুৰু। তোমালোকতো বহুত গুৰুৰ শৰণাপন্ন হৈছা। প্ৰতিটো জন্মত 2-4 জন গুৰুৰ ওচৰলৈ গৈছা। গুৰুৰ শৰণাপন্ন হৈ আকৌ আন আন ঠাইলৈ যায়। কিজানি ইয়াতকৈ ভাল ৰাস্তা পোৱা যায়, আন আন গুৰুৰ ওচৰত গৈও চেষ্টা কৰি থাকে। কিন্তু একোৱে নাপায়। এতিয়া তোমালোক সন্তানসকলে জানা যে ইয়াততো থাকিব নালাগে। সকলো শান্তিধামলৈ যাব লাগে। পিতাই তোমালোকৰ নিমন্ত্ৰণ পাই আহিছে। তোমালোকক সোঁৱৰাই দিয়ে, তোমালোকে মোক ক’লা যে আহক, আমাক পতিতৰ পৰা পাৱন কৰি তোলক। পাৱন শান্তিধামো হয়, সুখধামো হয়। আহ্বান জনায় যে আমাক ঘৰলৈ লৈ যাওঁক। ঘৰ সকলোৰে স্মৃতিত আছে। আত্মাই ততালিকে ক’ব – আমাৰ নিবাস স্থান হৈছে পৰমধাম। পৰমপিতা পৰমাত্মাও পৰমধামত থাকে। আমিও পৰমধামত থাকোঁ।

এতিয়া পিতাই বুজাইছে - তোমালোকৰ বৃহস্পতিৰ দশা চলি আছে। এয়া হৈছে বেহদৰ কথা। বেহদৰ দশা সকলোৰে চলি আছে। চক্ৰ ঘূৰি থাকে। আমিয়ে সুখৰ পৰা দুখত, আকৌ দুখৰ পৰা সুখত আহোঁ। শান্তিধাম, সুখধাম আকৌ এয়া হৈছে দুখধাম। এয়াও তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা, মনুষ্যৰতো বুদ্ধিত ধাৰণ নহয়। এতিয়া পিতাই জীৱন্তে মৰিবলৈ শিকাই আছে। চগাপোক জুইৰ শিখাত জাহ যায়। কোনোবা তেওঁৰ প্ৰেমিকা হৈ জ্বলি যায়, উৎসৰ্গিত হৈ যায়, কোনোবাই আকৌ পৰিক্ৰমা লগাই গুচি যায়। এয়াও বেটাৰী নহয় জানো, সকলোৰে বুদ্ধিযোগ সেই এজনৰ লগত। নিৰাকাৰ পিতাৰ লগত যেন বেটাৰী সংযোগ হৈ আছে। এই আত্মাটিতো (ব্ৰহ্মাৰ) বহুত ওচৰত আছে সেয়েহে বহুত সহজ হয়। পিতাক স্মৰণ কৰিলে তোমালোকৰ বেটাৰী ‘চাৰ্জ’ হৈ গৈ থাকে। তোমালোক সন্তানসকলৰ অলপ কঠিন হয়, এওঁৰ বাবে (ব্ৰহ্মা) সহজ। তথাপিও এওঁ পুৰুষাৰ্থতো কৰিবলগীয়া হয়, যিমান তোমালোক সন্তানসকলে কৰিবলগীয়া হয়। এওঁ যিমান ওচৰত সিমানে আকৌ বোজাও বহুত। গায়নো আছে - যাৰ মূৰত দায়িত্ব… এওঁৰ ওপৰততো বহুত দায়িত্ব আছে নহয়। পিতাতো হয়েই সম্পূৰ্ণ, এৱোঁ সম্পূৰ্ণ হ’ব লাগে, এওঁ সকলোৰে বহুত চোৱা-চিতা কৰিব লাগে। যদিও দুয়ো একত্ৰিত হৈ আছে তথাপিও খেয়ালতো চলে নহয়। কন্যাসকলে কিমান মাৰ খাবলগীয়া হয় তেতিয়া যেন বহুত দুখ পায়। কৰ্মাতীত অৱস্থাতো অন্তিমৰ ফালে হ’ব, তেতিয়ালৈ খেয়াল চলি থাকে। কন্যাসকলৰ চিঠি নাহিলে তেতিয়াতো খেয়াল চলে – বেমাৰতো হোৱা নাই? সেৱাৰ খবৰ আহিলে পিতাই নিশ্চয় তেওঁক স্মৰণ কৰিব। বাবাই এই শৰীৰেৰে সেৱা কৰে। কেতিয়াবা মুৰুলী অলপ চলে, এনেয়েতো 2-4 দিন মুৰুলী নাহিলেও, তোমালোকৰ ওচৰত সাৰ কথাবোৰ থাকে। তোমালোকেও নিজৰ দিনলিপি চোৱা উচিত। বেজৰ ওপৰতো তোমালোকে ভালদৰে বুজাব পাৰা। যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল তেতিয়া আন ধৰ্ম নাছিল। কল্পবৃক্ষৰ চিত্ৰও নিশ্চয় লগত থকা উচিত। বিভিন্ন ধৰ্মৰ ৰহস্য বুজাবলগীয়া হয়। প্ৰথমে এক অদ্বৈত ধৰ্ম আছিল। বিশ্বত শান্তি, সুখ, পৱিত্ৰতা আছিল। পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায় কিয়নো পিতা শান্তিৰ সাগৰ, সুখৰ সাগৰ নহয় জানো। আগতে তোমালোকেও একো জনা নাছিলা। এতিয়া যেনেকৈ পিতাৰ বুদ্ধিত এই সকলোবোৰ আছে, তেনেকুৱা তোমালোকো হোৱা। সুখ, শান্তিৰ সাগৰ তোমালোকো হোৱা। নিজৰ খতিয়ান চাব লাগে – কোনটো কথাত দুৰ্বলতা আছে? মই যথাযথ প্ৰেমৰ সাগৰ হওঁনে, এনেকুৱা কোনো চাল-চলনতো নাই যাৰ দ্বাৰা কোনোবা নাৰাজ হয়? নিজৰ ওপৰত নজৰ ৰাখিব লাগে। এনেকৈ ভাবিব নালাগে যে বাবাই আশীৰ্বাদ কৰিলে তেতিয়া তোমালোক এয়া হৈ যাবা। নহয়। পিতাই কয় – মই ড্ৰামা অনুসৰি নিজৰ সময়ত আহিছোঁ। এয়া মোৰ কল্প কল্পৰ কাৰ্যসূচী। এই জ্ঞান আন কোনেও দিব নোৱাৰে। সৎ পিতা, সৎ শিক্ষক, সৎগুৰু এজনেই। এইটোও যদি দৃঢ় নিশ্চয় আছে তেন্তে তোমালোকৰ বিজয় হ’ব। ইমান অনেক যি ধৰ্ম আছে, সেয়া সকলো বিনাশ হ’বই। যেতিয়া সত্যযুগী সূৰ্যবংশী কুল আছিল তেতিয়া আন কোনো কুল নাছিল আকৌ এনেকুৱাই হ’ব। গোটেই দিনটো এনেকৈ নিজৰ লগত কথা পাতি থাকা। ভিতৰত জ্ঞানৰ সাৰ কথাবোৰ নিগৰি থকা উচিত, আনন্দিত হৈ থাকিব লাগে। পিতাৰ জ্ঞান আছে, সেয়া তোমালোকে এতিয়া পাই আছা। সেয়া ধাৰণ কৰিব লাগে, এই ক্ষেত্ৰত সময় নষ্ট কৰিব নালাগে। ৰাতিও সময় পোৱা যায়। এইটো দেখা যায় যে আত্মাই কৰ্মেন্দ্ৰিয়ৰে কাম কৰি কৰি ভাগৰি পৰে তেতিয়া শুই যায়। পিতাই তোমালোকৰ ভক্তিমাৰ্গৰ সকলো ক্লান্তি দূৰ কৰি অক্লান্ত কৰি নিয়ে। যেনেকৈ ৰাতি আত্মা ভাগৰি গ’লে তেতিয়া শৰীৰৰ পৰা পৃথক হৈ যায়, যাক টোপনি বুলি কোৱা হয়। কোন শোৱে? আত্মাৰ লগতে কৰ্মেন্দ্ৰিয়বোৰো শুই পৰে। সেয়েহে ৰাতি শোৱাৰ সময়তো পিতাক স্মৰণ কৰি এনেকুৱা চিন্তন কৰি শুই যোৱা উচিত। হয়তো পাছলৈ ৰাতিয়ে-দিনে তোমালোক নিদ্ৰাজিৎ হৈ যাবাগৈ। তেতিয়া স্মৃতিতে থাকিবা, বহুত আনন্দিত হৈ থাকিবা। 84 জন্মৰ চক্ৰও ঘূৰাই থাকিবা। হামিয়াই বা কলমটিয়াই নাথাকা। হে নিদ্ৰাক জয় কৰোঁতা সন্তানসকল, উপাৰ্জন কৰাৰ সময়ত কেতিয়াও টোপনিয়াই থাকিব নালাগে। যেতিয়া জ্ঞানত মগ্ন হৈ যাবা তেতিয়া তোমালোকৰ সেইটো অৱস্থা থাকিব। ইয়াত তোমালোক অলপ সময় বহা তেতিয়া কেতিয়াও হামিয়াই বা কলমটিয়াই থাকিব নালাগে। মনোযোগ আন ফালে গ’লে হামিয়াই থাকিবা।

তোমালোক সন্তানসকলে এইটোও ধ্যানত ৰাখিব লাগে যে আমি আনকো নিজৰ সমান কৰি তুলিব লাগে। প্ৰজাতো লাগে নহয়। নহ’ল&