31.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – স্মৃতিত থকাৰ লগতে পঢ়াৰ প্ৰতিও পূৰা ধ্যান দিব লাগে, স্মৃতিৰেহে পাৱন হ’বা আৰু পঢ়াৰ দ্বাৰা বিশ্বৰ মালিক হ’বাগৈ”

প্ৰশ্ন:
জলপানি ল’বৰ বাবে কোনটো পুৰুষাৰ্থৰ দৰকাৰ?

উত্তৰ:
জলপানি ল’বলৈ হ’লে সকলো বস্তুৰ পৰা মমত্ব আঁতৰাই দিয়া। ধন, সন্তান, ঘৰ আদি একোৱে যাতে স্মৃতিলৈ নাহে। কেৱল শিববাবাহে যাতে স্মৃতিত থাকে, সম্পূৰ্ণ আহুতি দিয়া, তেতিয়াহে উচ্চ পদ প্ৰাপ্তি হ’ব। বুদ্ধিত এইটো নিচা থাকিব লাগে যে মই কিমান ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হওঁ। আমাৰ কিমান উচ্চ পঢ়া আৰু পঢ়াওঁতাজন স্বয়ং দুখহৰ্তা, সুখকৰ্তা পিতা, সেইজন আটাইতকৈ মৰমৰ বাবাই আমাক পঢ়াই আছে।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায় আৰু পঢ়ায় তেন্তে সন্তানসকলৰ কিমান নিচা থাকিব লাগে। আত্মায়ে নপঢ়ে জানো। আত্মাই সংস্কাৰ লৈ যায়, শৰীৰতো ছাই হৈ যায়। সেয়েহে পিতাই বহি সন্তানসকলক পঢ়ায়। আত্মাসকলে বুজি পায় যে আমি পঢ়োঁ, যোগ শিকোঁ। পিতাই কৈছে - স্মৃতিত থাকিলে তোমালোকৰ পাপ খণ্ডন হ’ব। পতিত-পাৱনতো হৈছে এজনেই পিতা। ব্ৰহ্মা, বিষ্ণু, শংকৰক পতিত-পাৱন বুলি ক’ব জানো। লক্ষ্মী-নাৰায়ণক ক’ব জানো? নকয়। পতিত-পাৱনতো হয়েই এজন। গোটেই জগতক পাৱন কৰি তোলোঁতা এজনেই। তেওঁ তোমালোকৰ পিতা। সন্তানসকলে জানে যে অতি মৰমৰ বেহদৰ পিতা, যিজনক ভক্তিমাৰ্গত স্মৰণ কৰি আহিছে যে বাবা আহক, আহি আমাৰ দুখ হৰণ কৰক, সুখ দিয়ক। সৃষ্টিতো সেইখনেই। এই চক্ৰততো সকলো আহিবই লাগে। 84 ৰ চক্ৰও বাবাই বুজাইছে। আত্মাইহে সংস্কাৰ লৈ যায়। আত্মাই জানে যে এই মৃত্যুলোকৰ পৰা অমৰলোকলৈ অথবা নৰকৰ পৰা স্বৰ্গলৈ যাবলৈ আমি পঢ়োঁ। তোমালোক সন্তানসকলক পুনৰাই বিশ্বৰ মালিক কৰি তুলিবলৈ পিতা আহে। তোমালোক কিমান উচ্চ পৰীক্ষা উত্তীৰ্ণ হ’বলৈ গৈ আছা। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পিতাই পঢ়াই আছে। যি সময়ত বাবাই বহি পঢ়ায় তেতিয়া নিচা বাঢ়ে। বাবাই প্ৰবলভাৱে নিচা জগাই তোলে। পিতা আহেই অমৰলোকৰ লায়ক কৰি তুলিবলৈ। ইয়াততো কোনো লায়ক নাই। তোমালোকেও জানা আমি লায়ক দেৱতাসকলৰ আগত মূৰ দোৱাই আহিছোঁ। এতিয়া পুনৰাই বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে। গতিকে সেইটো নিচাত থাকিব লাগে। এনেকুৱা নহয় যে ইয়াত নিচা বাঢ়ে আকৌ বাহিৰলৈ গ’লে নিচাই কমি যায়। সন্তানসকলে কয় - বাবা আমি আপোনাক পাহৰি যাওঁ। আপুনি অপৱিত্ৰ সৃষ্টিত, অপৱিত্ৰ শৰীৰত আহি আমাক পঢ়ায়। বিশ্বৰ মালিক কৰি তোলে। তোমালোক সন্তানসকলে বিশ্বৰ ৰাজ্য-ভাগ্যৰ বহুত ডাঙৰ লটাৰি প্ৰাপ্ত কৰা। কিন্তু তোমালোক হোৱা গুপ্ত। সেয়েহে এনেকুৱা উচ্চ পঢ়াৰ প্ৰতি ধ্যান দিব লাগে। কেৱল স্মৃতিৰ যাত্ৰাত থাকিলেই কাম নহ’ব, পঢ়াও জৰুৰী। 84 ৰ চক্ৰ কেনেকৈ লগায়, এয়াও বুদ্ধিত ঘূৰি থাকিব লাগে।

তোমালোকে বুজি পোৱা বাবাই অতি প্ৰবল ভাৱে নিচা জগাই থাকে। তোমালোকৰ দৰে ডাঙৰ ব্যক্তি কোনো থাকিব নোৱাৰে, তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ যোৱা। বিশ্বৰ মালিক তোমালোকৰ বাহিৰে আন কোনোবা হৈছে জানো? খ্ৰীষ্টানসকলেও চেষ্টা কৰে বিশ্বৰ মালিক হ’বলৈ, কিন্তু বিধিয়ে নকয় যে তোমালোকৰ বাহিৰে বিশ্বৰ মালিক আন কোনোবা হ’ব। তেনেকুৱা কৰি তোলোঁতা পিতাহে হ’ব অন্য কাৰো শক্তি নাই। তোমালোক সন্তানসকলৰ বহুত ভাল মগজৰ (বুদ্ধিৰ) দৰকাৰ। জ্ঞান অমৃতৰ মাত্ৰা বঢ়াই গৈ থাকে। মাত্ৰ ইয়াতে ৰৈ যাব নালাগে যে মই বাবাক বহুত স্মৰণ কৰোঁ। স্মৃতিৰেহে পাৱন হৈ যাবা কিন্তু পদো পাব লাগে। পাৱনতো শাস্তি খাই হ’লেও সকলো হ’বই লাগিব। কিন্তু পিতা আহে বিশ্বৰ মালিক কৰি তুলিবলৈ, শান্তিধামলৈতো সকলোৱে যাব। গৈ সকলো কেৱল বহি যাব লাগে জানো? সেয়াতো কোনো কামৰ নহ’ল। কামৰ লায়ক সেইজন যিয়ে পুনৰাই গৈ স্বৰ্গত ৰাজ্য কৰিব। তোমালোক ইয়ালৈ আহিছাই স্বৰ্গৰ বাদশ্বাহী ল’বলৈ। তোমালোকৰ বাদশ্বাহী আছিল, আকৌ মায়াই কাঢ়ি ল’লে। এতিয়াই পুনৰাই মায়া ৰাৱণৰ ওপৰত জয়ী হ’ব লাগে। বিশ্বৰ মালিক তোমালোকেই হ’ব লাগে। এতিয়া তোমালোকক ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰায় কিয়নো তোমালোক ৰাৱণৰাজ্যত বিকাৰী হৈ গৈছা সেইবাবে মনুষ্যক বান্দৰৰ লগত তুলনা কৰা হয়। বান্দৰ বহুত বেছি বিকাৰী। দেৱতাসকলতো সম্পূৰ্ণ নিৰ্বিকাৰী। এই দেৱতাসকলেই 84 জন্মৰ পাছত পতিত হয়। পিতাই কয় - তোমালোকৰ হাতত যি ধন, সন্তান, শৰীৰ আদি আছে সকলোৰে পৰা মমত্ব আঁতৰাই দিয়া। চহকীসকলতো ধনৰ পিছত মৰে। মুঠিত পইচা আছে, সেয়া এৰিয়ে নিদিয়ে। ৰাৱণৰ কাৰাগাৰত পৰি থাকিব। কোটিৰ ভিতৰত কোনোবা ওলাব যিয়ে সকলো বস্তুৰ পৰা মমত্ব আঁতৰাই বান্দৰৰ পৰা দেৱতা হ’বগৈ। যিসকল চহকী লোক বহুত লাখপতি আছে, মুঠিৰে পইচা ধৰি আছে, তাতে তেওঁলোকৰ প্ৰাণটো আছে। গোটেই দিন ঘৰ-সংসাৰ, গাড়ী, সন্তান আদিয়েই স্মৃতিত আহি থাকিব। তেওঁলোকৰ স্মৃতিতেই মৰি যাব। পিতাই কয় যে অন্তিমত যাতে অন্য একো বস্তুৱেই স্মৃতিলৈ নাহে। কেৱল মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া জন্ম-জন্মান্তৰৰ পাপ নাশ হৈ যাব। চহকীৰ ধনতো সকলো মাটিত মিলি যায় কিয়নো পাপৰ ধন নহয় জানো। কামত নাহে। পিতাই কয় - মই গৰিবৰ ত্ৰাণকৰ্তা, গৰিবক চহকী, চহকীক গৰিব কৰি দিম। এইখন সৃষ্টি পৰিৱৰ্তন হ’বলগীয়া হয় নহয়। কিমান ধনৰ নিচা থাকে - মোৰ ইমান ধন-সম্পত্তি আছে, বিমান আছে, মটৰ আছে, মহল আছে…..! আকৌ পিতাক স্মৰণ কৰিবলৈ যিমানেই মগজ নখটুৱাওক কিয় স্মৃতি স্থায়ী হৈ নাথাকিব। বিধিয়ে নকয়, কোটিৰ মাজত কোনোবাহে ওলাব। বাকীসকলেতো ধনকেই স্মৰণ কৰি থাকিব। পিতাই কয় - দেহ সহিত যিবোৰ দেখিছা সেয়া সকলো পাহৰি যোৱা, ইয়াতেই যদি আৱদ্ধ হৈ থাকা তেন্তে উচ্চ পদ পাব নোৱাৰিবা। বাবাই পুৰুষাৰ্থ নকৰাব জানো। তোমালোক ইয়ালৈ আহিছা নৰৰ পৰা নাৰায়ণ হ’বলৈ, তেন্তে এই ক্ষেত্ৰত যোগো পূৰা থাকিব লাগে। কেৱল এজন শিৱবাবাৰ বাহিৰে কোনো বস্তুৱেই, ধন, সন্তান আদি একোৱেই যাতে স্মৃতিলৈ নাহে, তেতিয়াহে তোমালোকে উচ্চৰো উচ্চ বৃত্তি ল’ব পাৰিবা, উচ্চ পুৰস্কাৰ পাব পাৰিবা। তেওঁলোকে যেতিয়া বিশ্বত শান্তিৰ ৰায় দিয়ে তেতিয়া সস্তীয়া ‘মেডেল’ পায়। তাতেই আনন্দিত হৈ যায়। এতিয়া তোমালোকে কি পুৰস্কাৰ পোৱা? তোমালোক বিশ্বৰ মালিক হোৱা। এনেকুৱা নহয়, আমি 5-6 ঘণ্টা স্মৃতিত থাকিলেই লক্ষ্মী-নাৰায়ণ হৈ যামগৈ। নহয়, বহুত যত্ন কৰিব লাগে। অন্তিমত একমাত্ৰ শিববাবাহে যাতে স্মৃতিত থাকে অন্য একোৱে যাতে স্মৃতিলৈ নাহে। তোমালোক অতি উচ্চ দেৱতা হ’বলৈ গৈ আছা।

পিতাই বুজাইছে তোমালোকেই পূজ্য আছিলা আকৌ মায়াই পূজাৰী পতিত কৰি দিলে। তোমালোকক জগতৰ লোকে কয় - আপোনালোকে ব্ৰহ্মাক দেৱতা বুলি মানে নে ভগৱান বুলি মানে? তেতিয়া ক’বা, আমিতো নকওঁ যে ব্ৰহ্মা ভগৱান। আপোনালোক আহি বুজি লওঁক। তোমালোকৰ ওচৰত ভালৰো ভাল চিত্ৰ আছে। ত্ৰিমূৰ্তি, গোলক (সৃষ্টি চক্ৰ) আৰু কল্পবৃক্ষৰ চিত্ৰ আটাইতকৈ ভাল। আৰাম্ভণিৰে পৰাই এই দুখন চিত্ৰ আছে, এই চিত্ৰকেইখনেই তোমালোকৰ বহুত কামত আহিব। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ তোমালোকে বিদেশলৈ লৈ যোৱা, ইয়াৰ দ্বাৰাতো জ্ঞান বুজিব নোৱাৰিব। সকলোতকৈ মুখ্য চিত্ৰ হৈছে – ত্ৰিমূৰ্তি, গোলক আৰু কল্পবৃক্ষৰ। ইয়াত দেখুওৱা হৈছে – কোন কোন কেতিয়া আহে, আদি সনাতন দেবী-দেৱতা ধৰ্ম কেতিয়া সমাপ্ত হয়, পুনৰাই এক ধৰ্মৰ প্ৰতিষ্ঠা কোনে কৰে? বাকী সকলো ধৰ্ম নাশ হৈ যায়। সকলোতকৈ ওপৰত আছে শিববাবা তাৰপাছত ব্ৰহ্মা তথা বিষ্ণু, বিষ্ণু তথা ব্ৰহ্মা। এয়াই বুজাব নালাগে জানো। তাৰবাবেই চিত্ৰ তৈয়াৰ কৰা হৈছে, বাকী সূক্ষ্মলোককতো কেৱল সাক্ষৎকাৰৰ বাবে মান্যতা দিয়া হয়। পিতা ৰচয়িতা, প্ৰথমে সূক্ষ্মলোকৰ তাৰপাছত স্থূললোকৰ। ব্ৰহ্মা জানো দেৱতা, বিষ্ণুহে দেৱতা হয়। তোমালোকৰ সাক্ষাৎকাৰ হয়, বুজাবৰ কাৰণে। প্ৰজাপিতা ব্ৰহ্মাতো ইয়াত আছে নহয়। ব্ৰহ্মাৰ সৈতে আছে ব্ৰাহ্মণ যিসকল পাছলৈ দেৱতা হ’বগৈ। দেৱতাতো সুসজ্জিত হৈ থাকে, এওঁলোকক ফৰিস্তা বুলি কোৱা হয়। ফৰিস্তা হৈ আহি আকৌ দেৱতা পদ পাব। গৰ্ভমহলত জন্ম ল’ব। সৃষ্টি পৰিৱৰ্তন হৈ থাকে। আগলৈ তোমালোকে সকলোবোৰ প্ৰত্যক্ষ কৰি থাকিবা। ভাল শক্তিশালী হৈ যাবা। বাকী অলপ সময় আছে। তোমালোক আহিছা নৰৰ পৰা নাৰায়ণ হ’বলৈ। অকৃতকাৰ্য হ’লে প্ৰজা হৈ যায়। সন্ন্যাসী আদিয়ে এই কথাবোৰ বুজাব নোৱাৰে। ৰামৰতো মৰ্যাদাই শেষ কৰি দিছে। যিহেতু এনেকৈ গায়ন কৰে যে ৰাম ৰজা…….। তেন্তে আকৌ তাত এনেকুৱা অধৰ্মৰ কথা কেনেকৈ হ’ব পাৰে। এই সকলোবোৰ ভক্তিমাৰ্গৰ কথা সেইবাবে গোৱা হয় - মিছা মায়া, মিছা কায়া (শৰীৰ)…… মায়া পাঁচ বিকাৰক কোৱা হয়, ধনক নহয়। ধনক সম্পত্তি বুলি কোৱা হয়। মনুষ্যই এয়াও গম নাপায় যে মায়া কাক কোৱা হয়। এয়া পিতাই মৰমৰ সন্তানসকলক বুজায়।

পিতাই কয় - মই পৰমাত্মাই তোমালোকক নিজতকৈও উচ্চ, বিশ্বৰ মালিক কৰি তোলোঁ। তোমালোকে পঢ়ি আছা। কিমান শ্ৰেষ্ঠ পঢ়া। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে। দেৱতাসকল থাকে সত্যযুগত, মনুষ্য থাকে কলিযুগত। তোমালোক এতিয়া সংগমত বহি মনুষ্যৰ পৰা দেৱতা হৈ আছা। কিমান সহজকৈ শুনায়। পৱিত্ৰ নিশ্চয় হ’ব লাগে আৰু প্ৰজাও বহুত তৈয়াৰ কৰিব লাগে। কল্পই কল্পই তোমালোকে ইমান প্ৰজা তৈয়াৰ কৰা, যিমান সত্যযুগত আছিল। সত্যযুগ আছিল, এতিয়া নাই আকৌ হ’ব। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক হ’ব। চিত্ৰতো আছে নহয়। পিতাই কয় - এই জ্ঞান তোমালোকক এতিয়াই দিওঁ, আকৌ প্ৰায় লোপ হৈ যায় পুনৰাই দ্বাপৰৰ পৰা ভক্তি আৰম্ভ হয়, ৰাৱণৰাজ্য আহি যায়। তোমালোকে বিদেশতো এইটো বুজাব পৰা যে সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে। লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ লগত অন্য ধৰ্মৰ লোকসকলৰ সম্পৰ্ক নাই সেইকাৰণে বাবাই কয় - এই ত্ৰিমূৰ্তি আৰু কল্পবৃক্ষ হৈছে মুখ্য চিত্ৰ। এয়া অতি উচ্চ শ্ৰেণীৰ। কল্পবৃক্ষ আৰু গোলকৰ পৰা বুজি পাব যে এইটো এইটো ধৰ্ম কেতিয়া আহিব, যীশুখ্ৰীষ্ট কেতিয়া আহিব। আধালৈ আছে এই সকলো ধৰ্ম, বাকী আধাত আছা তোমালোক সূৰ্যবংশী-চন্দ্ৰবংশী। 5 হাজাৰ বছৰৰ খেল। জ্ঞান, ভক্তি, বৈৰাগ্য। জ্ঞান হৈছে, দিন ভক্তি হৈছে ৰাত্ৰি। তাৰপাছত বেহদৰ বৈৰাগ্য জন্মে। তোমালোকে জানা এই পুৰণি সৃষ্টিৰ বিনাশ হৈ যাব। সেয়েহে ইয়াক পাহৰি যাব লাগে। পতিত-পাৱন কোন, এইটোও সিদ্ধ কৰিব লাগে। দিনে-ৰাতিয়ে গাই থাকে - পতিত-পাৱন সীতা ৰাম। গান্ধীয়েও ‘গীতা’ পঢ়িছিল, তেৱোঁ এনেকৈ গাইছিল – “হে পতিত-পাৱন, সীতাসকলৰ ৰাম” কিয়নো তোমালোক সকলো সীতা কইনা নহয় জানো। পিতা হৈছে দৰা। আকৌ কৈ দিয়ে – “ৰঘুপতি ৰাঘব ৰাজা ৰাম”। এতিয়া তেওঁ হৈছে ত্ৰেতাৰ ৰজা। গোটেই কথাবোৰে বিভ্ৰান্ত কৰি দিছে। সকলোৱে তালি বজাই গাই থাকে। ময়ো (ব্ৰহ্মা) গাইছিলোঁ, এটা বছৰ খাদীৰ কাপোৰ আদি পিন্ধিছিলোঁ। পিতাই বহি বুজায় যে এৱোঁ গান্ধীৰ অনুগামী হৈছিল, এওঁতো সকলো অনুভৱ কৰিছে। যি প্ৰথমত আছিল তেওঁ শেষত আহি গ’ল। এতিয়া আকৌ প্ৰথমত যাব। তোমালোকক কয় য’তে-ত’তে ব্ৰহ্মাক বহুৱাই দিছে। এয়াও বুজাব লাগে – হেৰ’ বৃক্ষৰ ওপৰত থিয় হৈ আছে। কিমান স্পষ্ট, এওঁতো পতিত সৃষ্টিৰ অন্তত থিয় হৈ আছে। শ্ৰীকৃষ্ণকো ওপৰত দেখুওৱা হৈছে। দুটা মেকুৰীয়ে যুঁজে, মাখন শ্ৰীকৃষ্ণই খায়। মাতাসকলৰ সাক্ষাৎকাৰ হয়, তেওঁলোকে বুজে যে তেওঁৰ মুখত মাখন অথবা চন্দ্ৰমা আছে। বাস্তৱত বিশ্বৰ বাদশ্বাহী মুখত আছে। দুটা মেকুৰীয়ে নিজৰ মাজতে যুদ্ধ কৰে, মাখন তোমালোক দেৱতাসকলে প্ৰাপ্ত কৰা। এয়া হয়েই বিশ্বৰ বাদশ্বাহী ৰূপী মাখন। বোমা আদি সাজিবলৈও বহুত উন্নীতকৰণ কৰি আছে, এনেকুৱা পদাৰ্থ দিয়ে যাতে তৎক্ষণাৎ মনুষ্য মৰি যায়। এনেকুৱা যাতে নহয় যে চিঞৰি থাকিব। যেনেকৈ হিৰোশিমাত হৈছিল। এতিয়ালৈকে বেমাৰী হৈ আছে। গতিকে পিতাই বুজায় – মৰমৰ সন্তানসকল, আধাকল্পলৈকে তোমালোক সুখী হৈ থাকা। কোনো প্ৰকাৰৰ যুদ্ধ আদিৰ নাম নাথাকে, এই সকলোবোৰ পাছত আৰম্ভ হৈছে। এই সকলোবোৰ নাছিল, আগলৈ নাথাকিব। চক্ৰ পুনৰাবৃত্তি নহয় জানো। পিতাই সকলোবোৰ ভালদৰে বুজায় যিবোৰ সন্তানসকলে পূৰা ৰীতিৰে ধাৰণ কৰিব লাগে আৰু ঈশ্বৰীয় সেৱাত ব্ৰতী হ’ব লাগে। এইখনতো ছিঃ ছিঃ সৃষ্টি। ইয়াক বিষয় বৈতৰণী নদী বুলি কোৱা হয়। সেয়েহে সন্তানসকলক পিতাই বহি বুজায় - তোমালোকে নিজক ইমান উচ্চ বুলি নাভাবা, যিমান পিতাই তোমালোকক উচ্চ বুলি ভাবে। তোমালোক সন্তানসকলৰ বহুত নিচা থাকিব লাগে কিয়নো তোমালোক বহুত উচ্চ কুলৰ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ মগজ (বুদ্ধি) ভাল কৰিবলৈ নিতৌ জ্ঞান অমৃতৰ মাত্ৰা বঢ়াব লাগে। স্মৃতিত থকাৰ লগতে পঢ়াৰ প্ৰতিও পূৰা ধ্যান অৱশ্যে দিব লাগে কিয়নো পঢ়াৰ দ্বাৰাহে উচ্চ পদ প্ৰাপ্ত হয়।

(2) আমি উচ্চতকৈও উচ্চ কুলৰ, স্বয়ং ভগৱানে অমাক পঢ়ায়, এইটো নিচাত থাকিব লাগে। জ্ঞান ধাৰণ কৰি ঈশ্বৰীয় সেৱাত লাগি যাব লাগে।

বৰদান:
সন্তুষ্টতাৰ বিশেষত্বৰ দ্বাৰা যিকোনো কঠিন পৰিস্থিতিত সফল হওঁতা দৃঢ়তা সম্পন্ন হোৱা

সন্তুষ্টতা ব্ৰাহ্মণৰ বিশেষ লক্ষণ। যিয়েই ভূমিকা পোৱা গৈছে তাত সন্তুষ্ট হৈ থকা মানেই আগবাঢ়ি যোৱা। কিবা তল-ওপৰ হৈ যাওঁক, কোনোবাই অপমানো কৰক, কিন্তু দাতাৰ সন্তান কেতিয়াও কোনো কথাত অসন্তুষ্ট হ’ব নোৱাৰে। তেওঁ নিজৰ প্ৰতিও সন্তুষ্ট আৰু আনৰ প্ৰতিও সন্তুষ্ট হ’ব। ইয়াৰ বাবে দৃঢ়তা সম্পন্ন সংকল্প কৰা যে যিমানেই কঠিন পৰিস্থিতি নাহক কিয় মই সন্তুষ্ট হৈ থাকিবই লাগে, তেতিয়া সফল হৈ থাকিবা।

স্লোগান:
আনন্দময় তেওঁ হয় যাৰ অন্তৰত সদায় আনন্দৰ সূৰ্য উদয় হৈ থাকে।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

সদায় পিতাৰ চত্ৰছায়াৰ তলত থাকা তেতিয়া মায়াৰ পৰা নিৰাপদ, সদায় আনন্দ-উল্লাসত থাকিবা। এই পঢ়া অতি উচ্চ কিন্তু উচ্চ পঢ়া হোৱা সত্ত্বেও নিশ্চয়তা আছে যে মই বিজয়ী হওঁৱেই, উত্তীৰ্ণ হৈয়েই আছোঁ। কল্প কল্পৰ পঢ়া, নতুন কথা নহয় সেয়েহে সদায় আনন্দ-উল্লাসত থাকা আৰু আনকো আনন্দ-উল্লাসত থকাৰ বাৰ্তা দি থাকা। মনেৰে মাহাদানী হৈ শক্তিসমূহ দান দি গৈ থাকা তেতিয়া মনৰ সংকল্পৰ ওপৰত চেকেণ্ডত বিজয়ী হৈ যাবা।